Home অসম জল পৰিবহণত ৰিভাৰ্ছেব্‌ল গিয়েৰযুক্ত ফেৰীহে চলাচল কৰিব পাৰিব, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

জল পৰিবহণত ৰিভাৰ্ছেব্‌ল গিয়েৰযুক্ত ফেৰীহে চলাচল কৰিব পাৰিব, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

49
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ অক্টোবৰ ঃ ৰাজ্যত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনা সন্দৰ্ভত কঠোৰ হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। আজি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যন্ত্ৰচালিত নাওসমূহৰ ক্ষেত্ৰত নতুন এছঅ’পি জাৰি কৰিছে। সেই অনুসৰি  ৰাজ্যত এটা যন্ত্ৰচালিত নৌকাসমূহৰ চলাচল বন্ধ কৰা হৈছে। আনহাতে, ৰিভাৰ্ছেব্‌ল ছিংগল মেৰাইন ইঞ্জিন থকা নাওসমূহ চলাচল কৰিব লাগিব। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীত এনেধৰণৰ ইঞ্জিন থকা দুখন ফেৰী আছে। যি দুখন ব্যক্তিগত ফেৰীক চলাচল কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ অন্য স্থানতো এনে ৰিভাৰ্ছেব্‌ল গিয়েৰযুক্ত ইঞ্জিন থকা ফেৰীসমূহে চলাচল কৰিব পাৰিব। এই সন্দৰ্ভত জল পৰিবহণ বিভাগৰ অভিযন্তাই সুৰক্ষাত্মক দিশসমূহ চালি-জাৰি চাই সন্তুষ্ট হ’লেহে এনে ফেৰী চলাচল কৰিব পাৰিব। আনহাতে, পৰিবহণ বিভাগে ডিব্ৰুগড়, লখিমপুৰ, গুঁইজান, মাজুলী আৰু ধুবুৰীত এনেধৰণৰ ২০টা মেৰাইন ইঞ্জিন সংস্থাপিত কৰিব। আনহাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলোৱা এক সমীক্ষাত ৰাজ্যত ৪০০তকৈ অধিক ফেৰীত এনেধৰণৰ ইঞ্জিন সংস্থাপিত কৰিব পৰা যাব বুলি পোহৰলৈ আহিছে। আনহাতে, জল পৰিবহণ বিভাগে শেহতীয়াকৈ তিনিখন ফেৰী মাজুলী, ধুবুৰী আৰু গুৱাহাটীত প্ৰদান কৰিছে। যিকেইখন সূচাৰুৰূপে চলাচল কৰি আছে। জল পৰিবহণ বিভাগটোক শক্তিশালী কৰাৰ বাবে চাৰিজন সহকাৰী অভিযন্তা আৰু ১২জন কনিষ্ঠ অভিযন্তাক ইতিমধ্যে নিযুক্তি দিয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here