Home অসম ভবেশ কলিতাক আইনৰ আওতাত অনাৰ দাবী ৰিপুণ বৰাৰ : লোকসভা নিৰ্বাচনত অকলে...

ভবেশ কলিতাক আইনৰ আওতাত অনাৰ দাবী ৰিপুণ বৰাৰ : লোকসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে

80
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ ঃ তৃণমূল কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে আজি ধুবুৰীলৈ যায় ৰিপুণ বৰা৷ ধুবুৰী জিলাৰ চাপৰত উষ্ণ আদৰণি জনায় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীক৷ সভাপতিগৰাকী চাপৰত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ সংবাদমেলত লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থবৰ্গৰ ফলাফলক লৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই উচিত তদন্তৰ দাবী জনায়৷ ইপিনে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ৰিপুণ বৰাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভিক্টৰ দাসে অসম চৰকাৰক কিছুমান ক্লু দিব বিচাৰিছিল৷ কিন্তু সেইবোৰ ক্লু আঁকোৱালি লোৱাৰ পৰিৱৰ্তে তেওঁক কৰায়ত্ত কৰা হ’ল৷ ভিক্টৰ দাসৰ তথ্যৰ ভিত্তিত এক নিৰপেক্ষ তদন্ত কৰিব লাগিছিল চৰকাৰে৷ তাকে নকৰি ভিক্টৰ দাসক কৰায়ত্ত কৰাটো ফেচিবাদী, স্বৈৰাচাৰী শাসন বুলি অভিযোগ কৰে৷ লগতে ভিক্টৰ দাসক কৰায়ত্ত কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ এক নিৰপেক্ষ ন্যায়িক তদন্তৰ দাবী জনায় তৃণমূল কংগ্ৰেছে৷ আনহাতে অসম আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস নাই আৰু সেইকাৰণে পুলিচৰ তদন্ত বিচৰা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে৷ আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এগৰাকী মহিলাই চাকৰিৰ বিনিময়ত ধন বিচৰা বুলি যি অভিযোগ উত্থাপন কৰিছে, সেই সন্দৰ্ভত ৰিপুণ বৰাই কয় যে যিহেতু ভৱেশ কলিতাও এগৰাকী সাধাৰণ নাগৰিক আৰু আইন সকলো নাগৰিকৰ কাৰণে সমান, সেই হিচাপে ভৱেশ কলিতাকো আইনৰ আওতালৈ আনিব লাগে আৰু মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ চৰকাৰে তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷ ইপিনে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ‘কা’ৰ বিষয়ে কংগ্ৰেছত থাকোঁতে বুজা নাছিল, কিন্তু বিজেপিত আহি ‘কা’ বুজি উঠিল বুলি কৰা মন্তব্য সন্দৰ্ভত ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ৰূপজ্যোতি কুৰ্মীয়ে কি কয়, কি নকয়, সি নিজেই ধৰিব নোৱাৰে৷ মিডিয়াত ওলাবৰ কাৰণে তেওঁ এইবোৰ কথা কয়৷ ‘কা’ৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে সদায় বিৰোধিতা কৰি যাব৷ ভাৰতবৰ্ষৰ ভিতৰত কলকাতাৰ তৃণমূল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰথম ইয়াৰ বিৰোধিতা কৰিছিল আৰু আগলৈ একেই নীতি বাহাল থাকিব বুলি ব্যক্ত কৰে৷ ২০২৪১ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু গৰিষ্ঠসংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here