গণ বাৰ্তা, ডুমডুমা,২২ জুন: তিনিচুকীয়া জিলা মহিলা কোষৰ পৰ্য্যালোচনা সভা আজি জিলা উপায়ুক্ত তথা তিনিচুকীয়া জিলা মহিলা কোষৰ সভাপতি নৰসিং পৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। পৰ্য্যালোচনা সভাত মহিলাৰ সবলীকৰণ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ লগতে তিনিচুকীয়া জিলা মহিলা কোষৰ দ্বাৰা মহিলাৰ সবলীকৰণ তথা সুৰক্ষাৰ বাবে চলাই থকা বিভিন্ন কাৰ্য্যসূচী সন্দৰ্ভতো পৰ্য্যালোচনা কৰা হয়। উল্লেখযোগ্য যে, জিলাখনৰ প্ৰতিখন চাহবাগিচাতে মহিলাসকলৰ সবলীকৰণৰ বাবে গঠন কৰিবলৈ দিয়া মহিলা কোষৰ কামকাজৰ আজি জিলা উপায়ুক্তই খতিয়ান লয়। ইয়াৰ লগতে জিলা মহিলা কোষত প্ৰাপ্ত গোচৰ আৰু ইয়াৰ নিষ্পত্তিৰ ওপৰতো বিশ্লেষণ কৰা হয়। জিলাখনত বাল্য বিবাহ প্ৰতিৰোধ সন্দৰ্ভত লবলগীয়া পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হয়। জিলা উপায়ুক্তই জিলাখনৰ বিভিন্ন এলেকাত মহিলা গ্ৰাম সভা অনুষ্ঠিত কৰি মহিলাৰ সবলীকৰণৰ বাবে চৰকাৰে হাতত লোৱা আচঁনি তথা মহিলাৰ সাংবিধানিক আৰু আইনী অধিকাৰসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলাখনত এনে বহু মহিলা আছে যিসকলে জিলা মহিলা কোষৰ বিষয়ে অৱগত নহয় সেইসকলৰ বাবে ব্লক তথা মহকুমা পৰ্য্যায়ত সজাগতামূলক কাৰ্য্যসূচী হাতত লবলৈ জিলা উপায়ুক্ত নৰসিং পৱাৰে পৰামৰ্শ আগবঢ়ায়।আজিৰ পৰ্য্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত ছৰফ্ৰাজ হক, সহকাৰী আয়ুক্ত তথা জিলা মহিলা কোষৰ সদস্য সচিব অপৰুপা বৰগোহাঁই প্ৰমুখ্যে অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।