Home স্থানীয় সমস্যাৰে জৰ্জৰিত পালহাজী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ

সমস্যাৰে জৰ্জৰিত পালহাজী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ

84
0

গণ বাৰ্তা, পালহাজী, ২২ অক্টোবৰ: অসম চৰকাৰৰ এক বিশ্বস্ত সূত্ৰ মতে অসমৰ ডাক্তৰ আৰু ৰোগীৰঅনুপাত ৰজ্ঞ১৪৫৩ জন যিটো নেকি WHOৰ মতে বহুত কম৷ বিশ্ব স্বাস্থ্য সংস্থা মতে ডাক্তৰ আৰু ৰোগীৰ অনুপাত ৰজ্ঞ১০০০ ৷ তাৰ বিপৰীতে পালহাজী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰটোত অধীনত ১০,৩২৫ জন জনসংখ্যাৰ এখনি বিশাল ক্ষেত্ৰত এজন স্বাস্থ্য বিষয়া, এজনী নাৰ্ছ, এজন MPদ্দ্ব, এজন ফাৰ্মাচিষ্ট আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে ৷ ১৯৬৪ চনতেই স্থাপন হৈছিল পালহাজীৰ এই উপ- স্বাস্থ্য কেন্দ্ৰটো ৷ স্বাস্থ্য কেন্দ্ৰটোৰ নিজাকৈ কোনো মাটিবাৰী নাই ৷ ২৮ নং পালহাজী আজাদ গাঁও পঞ্চায়তৰ সন্মুখত ৫০ফুট x ১৬ ফুট মাটিত চলি আছে এই কেন্দ্ৰটো ৷ অ গ প , কংগ্ৰেছ, বি জে পি দলৰ অনেক চৰকাৰ আহিল আৰু গ’ল ৷ দক্ষিণ বৰপেটাৰ বৃহৎত্তৰ পালহাজী আৰু পাশ্বৰ্্‌ৱ্‌তী আৰু অঞ্চলৰ কথা কোনোৱেই নাভাবিলে ৷ স্বাস্থ্য আৰু শিক্ষাৰ নামত বছৰি কোটি কোটি টকা খৰচ কৰি আছে ৷ পালহাজী অঞ্চলত কেইবাটাও চৰকাৰী পৰিত্যক্ত ভূমিযমহলা ৰৈ আছে ৷ তাৰে মাজত এটাচমেণ্ট বিদ্যালয়ো আছে ৷ তাৰে এখন বিদ্যালয়ত স্বাস্থ্যকেন্দ্ৰটো স্থানান্তৰিত কৰি জনসাধাৰণৰ সকাহ দিবলৈও কাতৰ আহ৩ান পালহাজীবাসীৰ ৷ দেখাত যদিও পালহাজী স্বাস্থ্যকেন্দ্ৰ, কিন্তু ২০ য২৫ কিঃমিঃকৈ দূৰদূৰণিৰ প্ৰসূতিমাতৃৰে কেন্দ্ৰটো ভৰি থাকে ৷ পালহাজী পৰা বৰপেটা মেডিকেল কলেজ হস্পিতালৰ ৰাস্তাটো বৰ পুতৌজনক ৷ সেইকাৰণে বৰপেটালৈ গৰ্ভৱতী মহিলা যাব নোখোজে ৷ জনসংখ্যাৰ ফালৰ পৰা ইয়াৰ নিজা এলেকা আৰু কাষৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ সমূহৰ জনসংখ্যা ৩০,০০০ ১১ ওপৰত ৷ যিটো নেকি প্ৰাথমিকৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে জৰুৰী ৷ ইফালে কৰোনাৰ বেজি আনফালে প্ৰসূতিৰ বাবে অহা গৰ্ভৱতী মাতৃ ডাক্তৰে বিপাঙত পৰি যায় কেতিয়াবা ৷পালহাজী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰটোৰ পৰা বৰপেটালৈ প্ৰসূতি মাতৃক অনানিয়াৰ বাবে নাই কোনো AMBULANCE সেৱা ৷ সেয়েহে ডাক্তৰ, চকীদাৰৰ আৱাস গৃহৰ সৈতে আন্তঃগাথনি সুস্থিৰ থকা এখনি আদৰ্শ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰিবলৈ আৰু জৰুৰীকালীন গাড়ীৰ দাবী দক্ষিণ বৰপেটাৰ শিক্ষা , বাণিজ্যৰ কেন্দ্ৰ পালহাজী আৰু দাতিকাষৰীয়া ৰাইজৰ ৷ অসমৰ সৰ্বকালৰ গতিশীল মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী কিমানদূৰ ফলদায়ক হয় সেয়াই হ’ব সাম্প্ৰতিক সময়ৰ বিচাৰ্য বিষয় ,

LEAVE A REPLY

Please enter your comment!
Please enter your name here