আবু চুফিয়ান
আজিকালি মিছা কথাৰ প্ৰচলন ইমান বেছি হৈছে যে প্ৰকৃত সঁচা কথাটো বিশ্বাস কৰিবলৈ আপুনি, মই কেতিয়াবা বিপাঙত পৰোঁ । যিবোৰ মানুহে পৰচৰ্চা নকৰোঁ বুলি কৈ ‘কেৱল আপোনাকহে কৈছোঁ’ বুলি আৰম্ভ কৰে সেইসকল আটাইতকৈ ভয়ানক। সামাজিক মাধ্যমত বিষয় এটাৰ গুৰিলৈকে যোৱাৰ ধৈৰ্য নৰখা একাংশ পণ্ডিতৰ মন্তব্য দেখিলে ক’ত পলাওঁ, ক’ত লুকাওঁ লাগে । পিছে উপায় নাই, পলাব খুজিলেও ক’ত পলাব; সকলোতে বনগুটিৰ ভয়ত পটলুং দাঙি ৰক্ষা নোপোৱাৰ দৰে অৱস্থা হয় । গতিকে বনগুটি গুচাই গুচাই ইচাট-বিচাট কৰি হ’লেও চলি থাকিবলগীয়া হয়। চাৰিওপিনে অপতৃণৰ পয়োভৰ। এটা সময় আছিল, যেতিয়া অতি সহজেই মানুহক, মানুহৰ কথাবোৰ বিশ্বাস কৰিলেও বিপদৰ সম্ভাৱনা কম আছিল। আজিকালি সকলো যেন অভিমন্যুৰ চক্ৰবেহুত বন্দী। সততা, সাহস, বীৰত্বৰ যেন কাম নাই, মূল্যহীন। ব্যতিক্ৰম আছে, কিন্তু নগণ্য । এপাচি শাকত এটা জালুকৰ লেখীয়া। ব্যতিক্ৰমক বিশ্বাস নহয়, সেইবোৰ যেন নাটকহে। কৃত্ৰিম বা বুৰ্বকৰ কামহে। ব্যতিক্ৰমীক হঁহা মানুহৰ সংখ্যা অধিক।
ইণ্টাৰনেট সহজলভ্য হোৱাৰ ঠিক আগে আগে একাংশ চতুৰ, চাটুকাৰৰ কথাক নিজৰ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে শতাংশ উলিয়াই সত্যতাৰ অংশ অনুমান কৰিব পৰা গৈছিল । কিন্তু ইণ্টাৰনেটৰ প্ৰাবল্য বৃদ্ধি আৰু সহজলভ্যতাৰ ফলত একাংশ নপতা ফুকন স্বঘোষিত পণ্ডিতৰ কি চাব পাণ্ডিত্যৰ দম্ভালি! ঘটনা এটা বা পোষ্ট এটাৰ সাৰমৰ্ম বিচাৰ নকৰি বা অপৰাধ সংঘটিত হোৱাৰ পাঁচ মিনিটত তদন্ত সমাপ্ত কৰি কাক ধৰাশায়ী কৰে ঠিক নাই । এনে স্বয়ম্ভু পণ্ডিতৰ হাতত চাৰি নম্বৰ খুঁটাৰ ক্ষমতা অৰ্পণ হোৱাৰ পিছত আৰু ৰক্ষা নাই । কাক ফাঁচি দিব লাগে, কাক উলংগ কৰিব লাগে তাৰ সিদ্ধান্ত দিয়াৰ দায়িত্ব তেওঁলোকৰ মুখত আখৈ ফুটাদি ফুটে, কলমত অগ্নি বৰষে। বাৰু, এইবোৰ বাদ দিয়ক।
ইয়াতকৈ ভয় লগা আৰু এটা বৌদ্ধিক শ্ৰেণীৰ জন্ম হোৱাটো মন কৰিবলগীয়া। ইণ্টাৰনেটৰ সৎ ব্যৱহাৰ কৰি গুগল খুঁচৰি অনুবাদত দক্ষ সাহিত্যিক এই শ্ৰেণীয়ে বিজ্ঞানৰ জয়গান গায়, অন্ধবিশ্বাস-গোড়ামিৰ দিনে-নিশাই পোষ্টম’ৰ্টেম কৰে। ভাল কথা। এই কাম অহৰ্নিশে সামাজিক মাধ্যমত প্ৰচাৰ কৰি নিজৰ হাজাৰ হাজাৰ অনুগামীৰ সৃষ্টি কৰে। এই অনুগামীৰ একাংশই আকৌ মহাশয়ে যি কয় তাতেই হয়ভৰ দিয়ে। মুঠতে মহাশয় বিজ্ঞানমনস্ক, নাস্তিক, অন্ধবিশ্বাসবিৰোধী কলিযুগৰ সমাজ সংস্কাৰক। তেওঁ ভুল কথা ক’বই নোৱাৰে। কিন্তু চাৰি নম্বৰ খুঁটাই মুখৰোচক কথাৰ পৰাই যেতিয়া ঘটনাৰ দোষী বিচাৰি পাই নিৰ্দোষী কাৰোবাক কাঠগৰাত থিয় কৰায়, কেতিয়াবা চুপাৰী লৈও নিৰ্দোষী এজনক জনমানসত উলংগ কৰে, সেই কথা বা ৰায়ত নতমস্তক হৈ এনে ইণ্টাৰনেট পণ্ডিত সমাজ সংস্কাৰক সাহিত্যিকে যেতিয়া হয়ভৰ দি নিজৰ পৃষ্ঠা গৰম কৰে তেতিয়া সেইসকলৰো যে লাহে লাহে গাৰ কাপোৰ এটা এটাকৈ সুলকি পৰে নিজেই গম নাপায় বা পালেও আত্ম-অহংকাৰৰ ছাঁৰে শৰীৰ ঢকাৰ বৃথা চেষ্টা কৰে । এই শ্ৰেণীৰ সামাজিক মাধ্যমৰ পণ্ডিত আন মাধ্যমৰ শিয়াল পণ্ডিততকৈ কম ভয়ানক বা ক্ষতিকাৰক নহয়। কাৰণ হাজাৰ হাজাৰ অনুগামীয়ে এনে পণ্ডিতৰ মিথ্যা প্ৰচাৰক বহুগুণে চৰায় বৌদ্ধিক সমাজৰ মাজত। বৌদ্ধিক(?) সমাজে মিথ্যাচাৰক শতগুণে বঢ়ায় আত্মপ্ৰত্যয়েৰে। সেয়ে আজিৰ দিনত প্ৰচাৰ মাধ্যম, সি লাগে সামাজিক মাধ্যম, বৈদ্যুতিন মাধ্যম বা ছপা মাধ্যমেই হওক, সকলো ধুঁৱলী-কুঁৱলী । বিশ্বাসযোগ্যতাৰ তুলাচনীত বন্দী। জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহ যেনেকৈ বিশ্বাসৰ যোগ্য হৈ থকা নাই, তেনেকৈ সমাজত মতাদৰ্শৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ স্বঘোষিত চতুৰ্থ স্তম্ভও আজি থৰক্-বৰক্ যেনেকৈ, মানুহো আজি সততা আৰু বিশ্বাস-অবিশ্বাসৰ তুলাচনীত উঠা-নমা কৰি আছে । সেয়ে হয়তো সামগ্ৰিক ব্যৱস্থাটো আজি পণ্য বিজ্ঞাপনৰ দৰে অৰ্ধ সত্যতাৰ কাঠগৰাত দুলি আছে। সত্যও প্ৰচাৰ নোহোৱা নহয়, কিন্তু মিথ্যাচাৰৰ ধুঁৱলী-কুঁৱলীত ‘সত্য’ আজি শ্বাসৰুদ্ধ।
( লেখক এগৰাকী আৰক্ষী বিষয়া | মোবাইল ? ৯৪৩৫০৮৮৭৩৩ )