Home স্থানীয় ডিব্ৰুগড়ত কংগ্ৰেছ সভাপতিৰ জাগৰণ অভিযান মূল্যবৃদ্ধিৰ বাবে তুলাধুনা বিজেপিক

ডিব্ৰুগড়ত কংগ্ৰেছ সভাপতিৰ জাগৰণ অভিযান মূল্যবৃদ্ধিৰ বাবে তুলাধুনা বিজেপিক

87
0


গণ বাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৪ নৱেম্বৰ: ডিব্ৰুগড়ত কংগ্ৰেছৰ জাগৰণ কাৰ্যসূচীত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ঘোঁৰামৰা তিনিআলিৰ পৰা ঘোঁৰামৰা বজাৰলৈকে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে কংগ্ৰেছ দলে৷ কাৰ্যসূচী জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে৷ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উপৰিও প্ৰাক্তন সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক ৰাজু চাহু, এতোৱা মুণ্ডা, মনোজ ধানোৱাৰ আদিকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে৷ ইফালে প্ৰতিবাদী কাৰ্যসূচীত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে নিজেই তিনি হাজাৰ টকীয়া ে›টৰ ভাত খাই সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই মূল্যবৃদ্ধি ঘটাইছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে৷ জনসাধাৰণক আভূৱা ভৰা চৰকাৰখনক গৰিহনাৰে ওপচাই পেলাবলৈকো আহ৩ান জনাইছে৷ অন্যহাতে মুম্বাইত বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া৷ ৰাইজৰ ধনেৰে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে মুম্বাইত লাস-বিলাহৰ জীৱন কটাবলৈহে এই প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা বুলি কটাক্ষ কৰে সভাপতি বৰাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here