Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ১২ সাংসদৰ নিলম্বনক লৈ উত্তপ্ত দুয়োখন সদন: সদন ত্যাগ কৰি বিৰোধীৰ অৱস্থান...

১২ সাংসদৰ নিলম্বনক লৈ উত্তপ্ত দুয়োখন সদন: সদন ত্যাগ কৰি বিৰোধীৰ অৱস্থান গ্ৰহণ

119
0


নতুন দিল্লী, ৩০ নৱেম্বৰ : ১২জনকৈ সাংসদক শীতকালীন অধিৱেশনৰ সময়ত নিলম্বন কৰাক লৈ আজি উত্তপ্ত হৈ পৰে লোকসভা আৰু ৰাজ্যসভা৷ কৃষি আইনক লৈ আলোচনাৰ দাবীত বিৰোধী উত্তপ্ত হৈ পৰাত ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে কালি বিৰোধীৰ বিভিন্ন দলৰ ১২গৰাকীকৈ সাংসদক নিলম্বিত কৰিছিল৷ আজি কংগ্ৰেছ, ডিএমকেকে ধৰি বিৰোধী দলৰ সাংসদসকলে ১২ সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে যদিও ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে সেই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে৷ নাইডুৱে কয় যে সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অধিকাৰ ৰাজ্যসভাৰ অধ্যক্ষৰ আছে৷ সেই অধিকাৰৰ আলমতে ১২ সাংসদক ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ বাকী দিনকেইটাৰ বাবে নিলম্বন কৰা বুলি তেওঁ উল্লেখ কৰে৷ নাইডুৰ পৰা এনে উত্তৰ পোৱাৰ পিছতে বিৰোধী দলৰ সাংসদসকলে আজি ৰাজ্যসভাৰ মজিয়া ত্যাগ কৰে৷ ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে দিনৰ দুই বজালৈ ৰাজ্যসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷ উল্লেখ্য বৰ্ষাকালীন অধিৱেশনতে সংঘটিক একাধিক ঘটনাৰ পৰিপ্ৰেক্ষিতত ১২গৰাকী সাংসদক নিলম্বিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কালি শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যসভাৰ উক্ত ১২গৰাকী সাংসদক নিলম্বিত কৰা হয়৷ নিলম্বিত সাংসদকেইগৰাকী হ’ল ক্ৰমে– শিৱ সেনাৰ প্ৰিয়ংকা চতুৰ্বেদী, তৃণমূলৰ দোলা সেন, চিপিআই[এম]ৰ ইলামাৰাম কৰিম, কংগ্ৰেছৰ ফুলো দেৱী নেটাম, ছায়া বাৰ্মা, ৰিপুন বৰা, ৰাজামণি পেটেল, ছৈয়দ নাছিৰ হুছেইন, অখিলেশ প্ৰসাদ সিং, চিপিআইৰ বিনয় বিশ্বম, তৃণমূল কংগ্ৰেছৰ শান্তা চেত্ৰী, শিৱসেনাৰ অনিল দেশাই৷ ১২গৰাকীকৈ সাংসদক নিলম্বন কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সাংসদ অধীৰৰঞ্জন চৌধুৰীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বৰ্ষাকালীন অধিৱেশনৰ সিদ্ধান্ত এটা শীতকালীন অধিৱেশনত কাৰ্যকৰী কৰি চৰকাৰে স্বৈৰাচাৰিতাৰ প্ৰমাণ দিলে৷ বৰ্ষাকালীন অধিৱেশনৰ সময়ত কৃষি আইন বাতিল, পেগাছাছ ফোন টেপিঙৰ বিষয়ক লৈ সাংসদ একাংশই পৰিৱেশ উত্তপ্ত কৰি তুলিছিল৷ কিছুসংখ্যক বিৰোধী দলৰ আনকি সাংসদে চকী-মেজ ফাইল আদি দলিয়াই দিছিল বুলিও অভিযোগ উঠিছিল৷ আজি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ অমান্তি হোৱাৰ পিছতেই বিৰোধীয়ে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যসূচীৰ সময়ত সদন ত্যাগ কৰে আৰু সংসদ ভৱনৰ বাহিৰত অৱস্থান গ্ৰহণ কৰি এই শাস্তি অগণতান্ত্ৰিক বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here