কলম্বো, ১০ মে’ ঃ শ্ৰীলংকাৰ কলম্বোত অৰ্থনৈতিক সংকটৰ ফলত উদ্ভৱ হোৱা অসন্তুষ্টিৰ ফলত এতিয়া গৃহযুদ্ধ আৰম্ভ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে৷ সোমবাৰে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে বিৰোধীৰ হেঁচাত পদত্যাগ কৰে৷ তেওঁৰ পদত্যাগত অসন্তুষ্ট হৈ সমৰ্থকসকলে ৰাজধানী কলম্বোত হিংসাত্মক ঘটনা সংঘটিত কৰে৷ যাৰ পিছত তেওঁৰ বিৰোধীসকলৰ খং উঠে৷ যেতিয়া ৰাজপাক্ষেৰ সমৰ্থকসকলে কলম্বো এৰিবলৈ চেষ্টা কৰে৷ তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰে৷ আনহাতে প্ৰতিবাদকাৰীসকলে হাম্বানটোটাৰ মহিন্দা ৰাজপাক্ষেৰ পৈতৃক ঘৰত জুই লগাই দিয়ে৷ একে সময়তে ৰাজধানী কলম্বোত প্ৰাক্তন মন্ত্ৰী জনছন ফাৰ্নাণ্ডোক আক্ৰমণ কৰে৷ ইপিনে বিৰোধী নেতাসকলে মহিন্দাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ তেওঁলোকে কয় যে মহিন্দাই শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলক অশান্ত কৰি আক্ৰমণৰ বাবে নিৰ্দেশ দিয়ে৷ এয়া শান্তিকামী জনতাৰ প্ৰতিপন্থী৷ এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়৷ সেয়েহে তেওঁক গ্ৰেপ্তাৰ কৰা উচিত৷ উল্লেখ্য যে এতিয়ালৈকে ১২ জনতকৈও অধিক মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়া হৈছে৷ এই হিংসাত্মক ঘটনাত বাতৰি যুগুত কৰাৰ পৰলৈকে আঠজন লোকৰ প্ৰাণ হেৰুৱাইছে আনহাতে ২০০ ৰো অধিক লোক আহত হৈছে৷
Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় শ্ৰীলংকাত গৃহযুদ্ধৰ সম্ভাৱনা, বিৰোধীৰ হেঁচাত প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই পদত্যাগ কৰিবলৈ বাধ্য ,হিংসাত্মক...