Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নেপালত অন্তৰ্ধান যাত্ৰীবাহী বিমান চাৰি ভাৰতীয়সহ ২২ যাত্ৰীৰ মৃত্যুৰ আশংকা

নেপালত অন্তৰ্ধান যাত্ৰীবাহী বিমান চাৰি ভাৰতীয়সহ ২২ যাত্ৰীৰ মৃত্যুৰ আশংকা

133
0


কাঠমাণ্ডু, ২৯ মে’ ঃ
নেপালত আকাশী পথৰ পৰা অন্তৰ্ধান হ’ল এখন যাত্ৰীবাহী বিমান৷ চাৰি ভাৰতীয়সহ ২২জন যাত্ৰীক কঢ়িয়াই লৈ যোৱা বিমানখন আজি হঠাতে অন্তৰ্ধান হৈ পৰা ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নেপালৰ পোখৰাৰ পৰা জোমচোম অভিমুখে গৈ থকা যাত্ৰীবাহী বিমানখন পুৱা জ্ঝ.৫৫ বজাত বিমান কণ্ট্ৰ’ল ৰূমৰ পৰা সম্পৰ্ক ছিন্ন হৈ পৰে৷ ফলত বিমানখন আকাশী পথৰ পৰা অন্তৰ্ধান হৈ পৰে৷ নেপালৰ তাৰা এয়াৰলাইন্‌ছৰ টুৱিন ইঞ্জিন এয়াৰক্ৰাষ্টখনত চাৰিগৰাকী ভাৰতীয়, তিনিগৰাকী জাপানী আৰু বাকী যাত্ৰীসকল নেপালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে৷ য’ত ক্ৰু সদস্যসহ মুঠ ২২গৰাকী যাত্ৰী আছিল৷ যাত্ৰা কৰাৰ কিছুসময় পিছতে কণ্ট্ৰ’ল ৰূমৰ সৈতে বিমানখনৰ সংযোগ নাইকিয়া হৈ পৰে৷ এতিয়া বিমানখন সন্ধানৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে যদিও কোনোধৰণৰ সুফল লাভ কৰা নাই নেপাল চৰকাৰে৷ প্ৰতিকূল বতৰৰ বাবে বিমানখন সন্ধানৰ ক্ষেত্ৰত বহু ব্যাঘাত জন্মিছে, যাৰফলত তীব্ৰ গতিত বিমানখনৰ সন্ধানৰ অভিযান চলাব পৰা নাই নেপাল প্ৰশাসনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here