Home নগাঁও নগাঁও চহৰত বাহন ৰখোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: মহিলাসহ দুজনক আটক

নগাঁও চহৰত বাহন ৰখোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: মহিলাসহ দুজনক আটক

101
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৪ অক্টোবৰ: আজি দিনৰ ভাগত নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত গাড়ী ৰখোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ মাৰোৱাৰীপট্টিৰ গাড়ী ৰখোৱা নিষিদ্ধ এলেকাত এগৰাকী মহিলাই নিজৰ এএছ-০২-পি-৮৫৭৮ নম্বৰৰ চাৰিচকীয়া বাহনখন ৰখোৱাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ নগাঁও যান-বাহন আৰক্ষীৰ জোৱানে মহিলাগৰাকীৰ গাড়ীখনত হুইল লক লগোৱাৰ বাবে মহিলাগৰাকীয়ে কৰ্তব্যৰত যান- বাহন আৰক্ষীৰ জোৱান ধনেশ্বৰ দাসক কটু বাক্য প্ৰয়োগ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে৷ পিছত যান-বাহন আৰক্ষীৰ উচ্ছপদস্থ আৰক্ষী ঘটনাস্থলীলৈ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গাড়ীখনৰ মালিক নাৰ্গিছ চুলতানা আৰু চালক চাহবাজ আলম খানক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়৷ আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও সদৰ থানাত ২৪২১-২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, মহিলাগৰাকীয়ে অভিযোগ কৰি কয় তেওঁৰ গাড়ীখন হুইল লক কৰাৰ সন্দৰ্ভত যান-বাহন আৰক্ষীৰ জোৱানজনক প্ৰশ্ন কৰাত তেওঁহে মোক শাৰীৰিকভাৱে অপদস্থ কৰে৷ উল্লেখ যে নাৰ্গিছ চুলতানা এগৰাকী ষ্টাফ নাৰ্ছ৷ নগাঁও চহৰৰ প্ৰায়বোৰ পথৰ দুয়োকাষে একাংশ লোকে যান- বাহন ৰাখি যান-জঁটৰ সমস্যা বৃদ্ধি কৰাত অৰিহণা যোগাই আহিছে৷ চহৰখনৰ ঢাকাইপট্টি, বৰবজাৰৰ মাজ ভাগলৈকে একাংশ লোকে যান-বাহন ৰাখি যান- জঁটৰ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ নগাঁৱৰ সচেতন ৰাইজে চহৰখনত অব্যাহত থকা যান-জঁটৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here