Home স্থানীয় যোগীঘোপাত নিচাজাতীয় ঔষধ-হেৰ’ইনসহ দুজনক আটক

যোগীঘোপাত নিচাজাতীয় ঔষধ-হেৰ’ইনসহ দুজনক আটক

386
0


গণ বাৰ্তা, যোগীঘোপা, ২২ মে’ ঃ বঙাইগাও জিলাৰ যোগীঘোপা থানাৰ আৰক্ষীয়ে আজি বিয়লি বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ, হেৰ’ইনসহ দুজন ড্ৰাগ্‌ছ ব্যৱসায়ীক আটক কৰে৷ ধৃত ড্ৰাগ্‌ছ ব্যৱসায়ী দুজন ক্ৰমে যোগীঘোপা থানাৰ অন্তৰ্গত বৰঘোলা গাঁৱৰ আবু কালাম [৩২] আৰু মদনবজাৰ নলেথুৰীৰ ফজলুল হক বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ এক গোপন খবৰৰ ভিত্তিত যোগীঘোপা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দীননাথ মিলি আৰু ভাৰপ্ৰাপ্ত বিষয়া থোনজাং চনথ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মদনবজাৰত থকা এখন চাহৰ হোটেলত ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীৰ অভিযানত হোটেলৰ গৰাকী ফজলুল হকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কেপছুল, হেৰ’ইনভৰ্তি এটা কণ্টেইনাৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে নিচাজাতীয় ঔষধ, হেৰ’ইনভৰ্তি কেKI×ইনাৰসহ হাতে-লোটে ফজলুল হকক আটক কৰে৷ আৰক্ষীয়ে ফজলুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত ফজলুল হকক ড্ৰাগ্‌ছ যোগান ধৰা ড্ৰাগ্‌ছ সৰবৰাহকাৰী আবু কালামকো আটক কৰে৷ ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগ্‌ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পিছতো আৰক্ষীৰ ড্ৰাগ্‌ছবিৰোধী স্থিতিক কেৰেপ নকৰি একাংশ ড্ৰাগ্‌ছ ব্যৱসায়ীয়ে আজিও এনেদৰে অব্যাহত ৰাখিছে ড্ৰাগ্‌ছৰ ৰমৰমীয়া বেহা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here