Home Main Stories মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাৰ অসামৰিক...

মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত দুই কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন

58
0

৩০ জুনৰ ভিতৰত অসামৰিক চিকিৎসালয়ৰ আই চি ইউ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

বাবু মনি শৰ্মা, মৰিগাঁও, ১১ জুন : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি পুৱা ১০ বজাত মৰিগাঁও জিলাত উপস্থিত হৈ মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ কৰি চিকিৎসালয় খনৰ আন্তঃগাঁঠনি আৰু ১৯ খন আই চি ইউ বিচনাযুক্ত প্ৰথম মহলা নিৰ্মাণ কাৰ্য্য আৰু ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় | মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ পিছত মন্ত্ৰীদ্বয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলক লৈ এখন পৰ্যালোচনা সভাত মিলিত হয় | সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত সীমাৰেখা ভূঞাই কভিড ১৯ আৰু বানপানী নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গ্ৰহন কৰা বিভিন্ন পদক্ষেপৰ বিশদ বিৱৰণ দাঙি ধৰে | সভাত ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ক’ভিড ৰোগীৰ ক্ষেত্ৰত হোম আইচলেচনৰ সলনি প্ৰতিস্থান ভিত্তিক আইচলেচনত গুৰুত্ব দিবলৈ নিৰ্দ্দেশ দিয়ে | সংক্ৰমণৰ হাৰ কম কৰা, ফ্ৰন্ট লাইন কৰ্মীৰ টিকাকৰন সম্পূৰ্ণ কৰা, চাহবাগিছা অঞ্চলৰ কভিড সজাগতা, আনুসংগিক বেমাৰ থকা কভিড ৰোগীক গুৱাহাটীলৈ প্ৰেৰণ কৰা, প্ৰতিজন কভিড ৰোগীৰে সম্পূৰ্ণ প্ৰণালীবদ্ধ ভাবে খবৰ ৰখা, আৰক্ষী বিভাগে কঠোৰভাৱে কভিড বিধি প্ৰযোজ্য কৰাকে ধৰি বিষয় সমূহৰ আলোচনা কৰাৰ লগতে অহা ৩০ জুনৰ ভিতৰত আই চি ইউ বিচনাযুক্ত চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে | স্বাস্থ্য মন্ত্ৰী গৰাকী মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্বটো থকা হেতুকে কৃষি, উদ্যোগ আৰু বাণিজ্য, বন আৰু পৰিৱেশ, মীন, জলসিঞ্চন, পশু চিকিৎসা, গ্ৰামোন্নয়ন, আদি কৰি সকলো বিভাগকে নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে | মন্ত্ৰী গৰাকীয়ে অহা সাত দিনৰ ভিতৰত নিজ নিজ বিভাগৰ সমস্যা আৰু সমস্যাৰ সমাধান সুত্ৰ আৰু জিলাখনৰ উত্তৰনত বাবে আঁচনি যুগুত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে, যাতে অনাগত পাচ বছৰত মৰিগাঁও জিলাক এখন আগশাৰীৰ উন্নত জিলালৈ ৰূপান্তৰ কৰিব পাৰি । পৰ্যালোচনা সভাখন মন্ত্ৰী পীয়ুষ হাজৰিকাই বিভাগীয় বিষয়াৰ পৰা মৰিগাঁও জিলাত থকা মথাউৰি সমূহৰ বিস্তৃত খতিয়ান লয় | মেৰামতিৰ প্ৰয়োজন হোৱা মথাউৰি সমূহ অতি সোনকালে মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে | ইয়াৰ উপৰিও আগন্তুক বানপানীৰ বাবে সৃষ্টি হব পৰা যি কোনো পৰিস্থিতিৰ বাবে স্বাস্থ্য, কৃষি, যোগান বিভাগকে আদি সকলো বিভাগকে সাজু থাকিবলৈ নিৰ্দ্দেশ দিয়ে | আজি এই পৰ্যালোচনা সভাখনত মন্ত্ৰী দুগৰাকীৰ উপৰিও মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু ডা: আচিফ নাজাৰে অংশ গ্ৰহণ কৰাৰ লগতে জিলা উপায়ুক্ত সীমাৰেখা ভূঞা আৰু জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ লগতে জিলা খনৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here