Home স্থানীয় গোসাঁইগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত নিহত-দুই গৰু মাফিয়া

গোসাঁইগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত নিহত-দুই গৰু মাফিয়া

140
0

গণ বাৰ্তা, গোসাঁইগাঁও, ১৯ এপ্ৰিল : প্ৰায় চৈধ্য মাহ পূৰ্বে গোসাঁইগাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং ২৩য২০২১ৰ ভিত্তিত আকবৰ বনজাৰা আৰু ছলমান বনজাৰা নামৰ দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰি তদন্ত চলোৱাৰ সময়তে আৰক্ষী আৰু উগ্ৰপন্থীৰ ভয়াৱহ সংঘৰ্ষত উত্তৰ প্ৰদেশৰ মেৰুটৰ পৰা গ্ৰেপ্তাৰকৃত আকবৰ বনজাৰা নামৰ গৰু সৰবৰাহকাৰী নিহত হোৱা ঘটনাই পুনৰ জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত কেইদিন পূৰ্বেই উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা, পিছত অসম আৰক্ষীৰ হাতত হস্তান্তৰৰ পিছত কোক্‌ৰাঝাৰ আৰক্ষীয়ে অপৰাধীক জেৰা চলোৱা সময়তে ভয়ংকৰ আৰু বিস্ফোৰক তথ্য উদ্‌ঘাটন হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু অসমৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ অবৈধভাৱে পশুধন সৰবৰাহ কাৰ্যত জড়িত থকা অপৰাধীদ্বয়ে শেহতীয়াকৈ পাকিস্তানী মদতপুষ্ট আই এছ আই সৈতে জড়িত থকা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়া বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ আই এছ আই চক্ৰৰ সৈতে নাম সাঙোৰ খাই পৰা গৰু সৰবৰাহকাৰী মাফিয়াই ভাৰতবিৰোধী কাম-কাজত জড়িত থাকি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও ভাবুকিস্বৰূপ বুলি দাবী কৰিছে আৰক্ষীয়ে৷ আই এছ আইৰ লগত সংযোগ স্থাপন কৰি অবৈধ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰা বৃহৎ ধনৰাশি অসম আৰু মেঘালয়ৰ বিভিন্ন সশস্ত্ৰ সংগঠনক যোগান ধৰি অহা বুলিও প্ৰকাশ কৰিছে৷ হাৱালা গোচৰত অভিযুক্ত মাফিয়া আকবৰ বনজাৰা আৰু ছলমান বনজাৰাদ্বয়ে বিটিআৰৰ কোক্‌ৰাঝাৰ, চিৰাং আৰু বাগ্‌সা জিলাৰ NDFB, KLO আৰু অন্যান্য সশস্ত্ৰ সংগঠনৰ উপৰি মেঘালয়ৰ উগ্ৰপন্থী সংগঠনক বৃহৎ পৰিমাণৰ পুঁজি যোগান ধৰা বুলি আৰক্ষীয়ে প্ৰকিশ কৰিছে৷ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা মাফিয়াদ্বয়ক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে সোণকোষ নদীপথেৰে ভূটান সীমান্তৰে পশুধন সৰবৰাহত ব্যৱহাৰ কৰা গোপন পথৰ তদন্ত কৰিবলৈ আৰক্ষী বাহিনীয়ে যমদুৱাৰ অভিমুখে ৰওনা হোৱাৰ সময়তে উগ্ৰপন্থী আৰু আৰক্ষীৰ ভয়ানক সংঘৰ্ষৰ সময়তে গৰু মাফিয়াদ্বয় উগ্ৰপন্থীৰ গুলীত গুলীবিদ্ধ হয়৷ ফলত আৰক্ষীয়ে তেওঁলোকক ওচৰৰ শৰাইবিল মডেল চিকিৎসালয়ত ভৰ্তি কৰে৷ তাত চিকিৎসকে মাফিয়াদ্বয়ৰ মৃত্যু হোৱা বুলি আৰক্ষীক অৱগত কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে যমদুৱাৰ অভিমুখে গৈ থকা সময়তে উগ্ৰপন্থীয়ে আৰক্ষীক লক্ষ্য কৰি ধাৰাস¸াৰ গুলীবৰ্ষণ আৰম্ভ কৰে৷ এই সময়তে আৰক্ষীয়ে গাড়ীৰ পৰা নামি গুলীৰে প্ৰত্যুত্তৰ দিয়ে৷ কিন্তু গৰু মাফিয়া আকবৰ বনজাৰা আৰু ছলমান বনজাৰাই গাড়ীৰ পৰা নমা নাছিল৷ এই সময়তে উগ্ৰপন্থীৰ গুলীয়ে মাফিয়াদ্বয়ক আঘাত কৰে৷ লগে লগে মাফিয়াদ্বয়ক শৰাইবিল চিকিৎসালয়ত চিকিৎসাৰ বাবে এটা দলে লৈ আনে৷ বুধবাৰে নিশা ৰ.১৫ বজা মানতে প্ৰায় পোন্ধৰ মিনিটমান সময় ধৰি চলা গুলীয়াগুলীৰ পিছতে আৰক্ষীয়ে সংঘৰ্ষস্থলীত তালাচী চলোৱাৰ সময়তে দুটা মেগ্‌জিনসহ এটা এ কে ৪৭ ৰাইফল, ৩৫টা সক্ৰিয় গুলী আৰু ২৮টা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে৷ এই সংঘৰ্ষৰ সময়ত চাৰিগৰাকী আৰক্ষী বিষয়া-জোৱান ক্ৰমে শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক সঞ্জয় কুমাৰ ৰায়, শৰাইবিল সীমান্ত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক মিজানুৰ ৰহমান আৰু আৰক্ষীৰ জোৱান ৰূপন বৰ্মন, বিমল চন্দ্ৰ ৰায় কিছু পৰিমাণে আহত হোৱাৰ উপৰি আৰক্ষীৰ বাহনখন বিস্তৰ ক্ষতি হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here