ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৫ ডিচেম্বৰ: নগাঁও আৰক্ষীয়ে ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নগাঁও জিলাক ড্ৰাগ্ছমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ নগাঁও আৰক্ষীয়ে ড্ৰাগ্ছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে৷ এই অভিযানৰ অংশ হিচাপে এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিব কুমবাঙৰ নেতৃত্বত আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত যোৱা আৰক্ষীৰ দলে যোৱানিশা অভিযান চলাই নাৰমাৰীৰ জাকিৰ হুছেইনৰ ঘৰত বুজন পৰিমাণৰ ড্ৰাগ্ছ জব্দ কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষীয়ে জাকিৰ হুছেইন [৫৫] আৰু ৰহাৰ দীঘলীআটিৰ আছমিনা খাতুনক [৪০] গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ যে আছমিনা জাকিৰ হুছেইনৰ ভগ্নী৷ এই দুই ভাতৃ-ভগ্নী মিলি দীৰ্ঘ দিনৰ পৰা ড্ৰাগ্ছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল৷ তদুপৰি আৰক্ষীয়ে আজি বিয়লি হয়বৰগাঁও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও চহৰৰ ইছলামপট্টিৰ পৰা এজন ড্ৰাগ্ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজন ড্ৰাগ্ছ আসক্ত যুৱকক আটক কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন হ’ল হাফিজুল শ্বেখ [চ্ছ]৷ আৰক্ষীয়ে শ্বেখৰ পৰা হেৰ’ইনভৰ্তি ২০টা কণ্টেইনাৰ জব্দ কৰে৷ আটক কৰা ড্ৰাগ্ছ আসক্ত যুৱককেইজন হ’ল মোজাহিদুল ইছলাম [১৯], ছহিদুল ইছলাম [২৭] আৰু ইব্ৰাহিম শ্বেখ [চ্ছ]৷ ইয়াৰে মোজাহিদুলৰ ঘৰ ৰূপহীৰ তাৰাবাৰীত৷ ড্ৰাগ্ছ আসক্ত যুৱক তিনিজনক ড্ৰাগ্ছ আসক্ত মুক্তি সেৱা কেন্দ্ৰলৈ পঠোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷