গণবাৰ্তা, আগিয়া, ২ ফেব্ৰুৱাৰী : অসমৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাখনত এটা দুষ্ট চক্ৰই ড্ৰাগছ ব্যৱসায় কৰি আহিছে। এক গোপন সূত্ৰৰ পম খেদি আজি গোৱালপাৰা আৰক্ষীয়ে শোলমাৰী বজাৰত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ আগিয়া আৰক্ষী থানাৰ আৰক্ষীয়ে দিনৰ দুই বজাত দুজনকৈ ড্ৰাগছ সৰৱৰাহকাৰী আটক কৰি আগিয়া থানালৈ লৈ আহে। এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজন আটক কৰে। ইতিমধ্যে সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে। তদন্তৰ খাতিৰত আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ নাম উল্লেখ কৰা নাই যদিও এই দুজনৰ পৰা আৰু বহুকেইজন ড্ৰাগছ সৰৱৰাহকাৰী আটক কৰাৰ সন্দেহ প্ৰকাশ কৰে।