Home Main Stories টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

90
0

গণ বাৰ্তা, টীয়ক, ২ জুন : যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান তিনিআলিৰ সমীপত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে শিৱসাগৰ অভিমুখী এন এল ০৭ এ ০৪৪৭ নম্বৰৰ ট্ৰাক আৰু বিপৰীত দিশৰ পৰা অহা এ এচ ২৫ বি চি ১৯০৪ নম্বৰৰ টাটা এ চি খনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এ চি খনৰ হেণ্ডিমেনসহ চালকজনৰ থিতাতে মৃত্যু হয়। নিহত লোক দুজনৰ ঘৰ জাগীৰোডৰ বুলি জানিব পৰা গৈছে যদিও এই পৰ্যন্ত নিহত যুৱকদ্বয়ৰ নাম চিনাক্ত কৰণ হোৱা নাই। ইতিমধ্যে টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here