Home Main Stories লখিমপুৰত শোৱাপাটীতে এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা

লখিমপুৰত শোৱাপাটীতে এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা

256
0

ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ ডিচেম্বৰ: ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লখিমপুৰত শোৱাপাটীতে এচিড আক্ৰমণৰ বলি হৈছে দুগৰাকীকৈ মহিলা। লখিমপুৰ জিলাৰ ১নং ৰঙাজানত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মাজনিশা শোৱাপাটীতে দুগৰাকী মহিলাক এচিডেৰে আক্ৰমণ কৰিলে দুৰ্বৃত্তই। গুৰুতৰভাৱে আহত ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ দুগৰাকী মহিলা। ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল লালুকৰ বেছাপট্টিৰ ৰফিকুল। কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামী ৰফিকুলে। আনকি ৩ মাহ পূৰ্বে ৰফিকুলে মৰিয়াই-মৰিয়াই পত্নী ৰেহেনাৰ হাত ভাগি দিছিল । তেতিয়াৰ পৰাই মাকৰ ঘৰত আছিল ৰেহেনা। পৰিস্থিতি কিছু শান্ত হোৱাত লগতে স্বাস্থ্যও পূৰ্বতকৈ কিছু উন্নতি হোৱাত কালি আত্মীয় বাছাৰ আলী নামৰ লোকজনৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মহিলাগৰাকী। নিশা তাতেই সংঘটিত হয় এই ভয়ংকৰ অঘটন। মাজ নিশা প্ৰায় ১২.৩০ বজাত ঘৰৰ দুৱাৰ কাটি, বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিছিন্ন কৰি এছিড ঢালিলে পত্নীৰ লগতে পত্নীৰ কাষতে শুই থকা আন এগৰাকী মহিলাৰ শৰীৰতো। লগে লগে হুৱাদুৱা লাগি যায় ঘৰখনত। আনহাতে, ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে এছিড আক্ৰমণকাৰীয়ে। নিশাই ততাতৈয়াকৈ আক্ৰমণৰ বলি হোৱা দুয়োগৰাকী মহিলাকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু পৰিস্থিতি কিছু গম্ভীৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আক্ৰমণকাৰী স্বামী ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে। মহিলাগৰাকীৰ ভাতৃ বাবুল আলীয়ে ইতিমধ্যে উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত ৰফিকুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই আক্ৰমণকাৰী ৰফিকুলৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here