Home Main Stories হালোৱাটিঙত আৰক্ষীয়ে নিচাযুক্ত টেৱলেট সহ আটক কৰিলে দুই নগা আৰক্ষীঃ উদ্ধাৰ নগদ...

হালোৱাটিঙত আৰক্ষীয়ে নিচাযুক্ত টেৱলেট সহ আটক কৰিলে দুই নগা আৰক্ষীঃ উদ্ধাৰ নগদ ধনঃ

80
0

গণ বার্তা, আমগুৰি,৬ জুনঃ শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিঙ আজি হালোৱাটিঙ আৰক্ষীয়ে নগালেণ্ড আৰক্ষীৰ দুজন জোৱানক বৃহৎ পৰিমানৰ নিচাযুক্ত টেৱলেট সহ আটক কৰে। ধৃত লোক নগা আৰক্ষীৰ লোক দুজন ক্ৰমে চুমবেম’ লোথা (৩৮) আৰু ডব্লিউ মোবা কন্যাক(৩০) বুলি জানিব পৰা গৈছে। দুয়োজন নগালেণ্ড আৰক্ষীৰ ষষ্ঠ বেটেলিয়ন টিজিটত কৰ্মৰত আছিল। জোৱানদ্বয়ৰ পৰা আৰক্ষীয়ে ২৯০ টা নিষিদ্ধ চেমপেক্স প্লাছ টেৱলেট, নগদ ৩০,০০০ টকা, এএছ ০৪ এল ৩৭১৮ নম্বৰৰ এখন পালছাৰ মটৰচাইকেল, আৰু দুখন পৰিচয়পত্ৰ জব্দ কৰিছে। নিচাযুক্ত টেৱলেট খিনি হালোৱাটিঙ কপাহতলী মিচিং গাঁৱৰ টুটুমণি কোঁৱৰ ওৰফে আন্টি নামৰ মহিলা গৰাকীৰ পৰা ক্ৰয় কৰি আনিছিল। হালোৱাটিঙ আৰক্ষীয়ে এই সন্দৰ্ভত এন ডি পি এছ আইনৰ ২০(বি) ৰ অধীনত টুটুমণি কোঁৱৰ, আৰু ধৃত নগা আৰক্ষী জোৱানৰ বিৰুদ্ধে ২৬/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here