Home নগাঁও নগাঁৱত শতাধিক স্মাৰ্ট মোবাইলসহ বহিঃৰাজ্যৰ দুই কুখ্যাত চোৰক গ্ৰেপ্তাৰ

নগাঁৱত শতাধিক স্মাৰ্ট মোবাইলসহ বহিঃৰাজ্যৰ দুই কুখ্যাত চোৰক গ্ৰেপ্তাৰ

220
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৬ নৱেম্বৰ ঃ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে অভিযান চলাই এক বৃহৎ মোবাইল চুৰি-চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ হয়বৰগাঁও অৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চহৰখনৰ হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাৰা ঘৰত অভিযান চলাই ১৩৪টা চুৰি স্মাৰ্ট মোবাইল উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্য ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি থকা দুই মবাইল চোৰৰ গেং লীডাৰ দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত কুখ্যাত চোৰ দুটা হ’ল ৰাজকুমাৰ ননিয়া আৰু চনু কুমাৰ ননিয়া। তেওঁলোকে কালি নিশা চুৰি মবাইলসমূহ পেকিং কৰি ডিমাপুৰলৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে মোবাইলসহ যুৱক দুজনক গ্ৰেপ্তাৰ কৰে। মোবাইলসমূহ নগাঁৱৰ বিভিন্ন স্থানত চুৰি হোৱা অথবা চিলনী চোৰৰ কবলত পৰা মোবাইল বুলি জানিব পৰা গৈছে। তেওঁলোকে দীৰ্ঘদিন ধৰি নগাঁৱত বাহৰ পাতি চুৰি মোবাইল ক্ৰয় কৰি ডিমাপুৰৰ ক’লা বজাৰত বিক্ৰী কৰি আহিছিল। ইপিনে, ধৃত যুৱক দুজনে অভিযানৰ সময়ত অভিযানকাৰী আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীক ২ লাখ টকা উৎকোচ দিবলৈ  চেষ্টা কৰে যদিও বিষয়াগৰাকীয়ে প্ৰলোভনত ভোল নগৈ বিষয়টো আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰাৰ লগতে গেংটোৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে। এইক্ষেত্ৰত আজি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক সংবাদ মেলযোগে তদন্তকাৰী বিষয়াজনক প্ৰশংসাৰে ওপচাই পেলায়। সম্প্ৰতি নগাঁও আৰক্ষীয়ে যুৱক দুজনক অধিক তথ্য উদ্‌ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here