Home স্থানীয় বোকাজানত দুই কোটি টকা মূল্যৰ ড্ৰাগছসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ

বোকাজানত দুই কোটি টকা মূল্যৰ ড্ৰাগছসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ

151
0


গণ বাৰ্তা, বোকাজান, ২৯ নৱেম্বৰ :
কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহক মূল ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি নিষিদ্ধ ড্ৰাগ্‌ছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰখা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ্‌ছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বিগত সময়ছোৱাত কাৰ্বি আংলং জিলা আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ড্ৰাগ্‌ছ সৰবৰাহৰ বাবে ন ন কৌশল প্ৰয়োগ কৰি আহিছে অপৰাধী চক্ৰই৷ নিষিদ্ধ ড্ৰাগ্‌ছ সৰবৰাহৰ বাবে অপৰাধী চক্ৰই বিভিন্ন সময়ত মহিলাক ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হোৱাৰ সময়তে আজি জিলাখনৰ বোকাজান মহকুমাৰ বৰপথাৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগ্‌ছসহ দুগৰাকী মহিলাক জালত পেলাবলৈ সক্ষম হৈছে৷ এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, দুগৰাকী মহিলাই নিজৰ দেহত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগ্‌ছ সৰবৰাহ কৰি এখন বাছেৰে আহি থকাৰ নিশ্চিত তথ্য বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে বৰপথাৰ আৰক্ষীক প্ৰদান কৰাত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধ্ৰnৱজ্যোতি বৰা আৰু উপ-পৰিদৰ্শক মনোজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপি এফৰ এটা দলে বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজানত এক তালাচী অভিযান আৰম্ভ কৰে৷ উক্ত অভিযানতে বিয়লি প্ৰায় এক বজাত ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এএছ-১২-এচি-৩৪৭৭ নম্বৰৰ ডি কে নামৰ যাত্ৰীবাহী বাছখনত তালাচী চলায়৷ উক্ত বাছখনত যাত্ৰী হিচাপে অহা দুগৰাকী মহিলা যাত্ৰীক মহিলা আৰক্ষীৰ জৰিয়তে তালাচী চলোৱাত মহিলা দুগৰাকীৰ জিম্মাৰ পৰা ২৫টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩৩০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ মহিলা দুগৰাকীয়ে এই বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগ্‌ছ অন্তৰ্বাসৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ইতিমধ্যে দুয়োগৰাকী মহিলাকে গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকী ক্ৰমে–ধেমাজি বটুৱামুখৰ নেহা পাদুন [৩২] আৰু দিনা নৰহ [৪০] বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখ্য যে জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য দুই কোটি টকাতকৈ অধিক বুলি অনুমান কৰা হৈছে:

LEAVE A REPLY

Please enter your comment!
Please enter your name here