Home Main Stories বনৌষধিৰে ক’ভিডৰ প্ৰতিষেধক ঔষধ উদ্ভাৱন কৰিছে ধেমাজিৰ দুই যুৱকে

বনৌষধিৰে ক’ভিডৰ প্ৰতিষেধক ঔষধ উদ্ভাৱন কৰিছে ধেমাজিৰ দুই যুৱকে

306
0

গণ বাৰ্তা,ধেমাজি ৫ জানুৱাৰী : মহামাৰীৰ কোৰোনাই সমগ্ৰ দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত শেহতীয়াকৈ ধেমাজিত দুই যুৱকে উদ্ভাৱন কৰিলে কোৰোনা প্ৰতিৰোধী ঔষধ৷ সম্পূৰ্ণ বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি ক’ভিদ ১৯ ৰ ঔষধ গৱেষণা কৰি উলিয়াইছে ধেমাজিৰ দুগৰাকী সন্তানে। ডেল্টা ভেৰীয়েন্টৰ পাছত সম্প্ৰতি অমিত্ৰক্ৰমে সৃষ্টি কৰিছে আতংকৰ৷ ক’ভিড ভেকচিনে কিছু সকাহ দিছে যদিও সৃষ্টি হোৱা নাই ফলপ্ৰসূ ঔষধ। ঠিক তেনে সময়তে ধেমাজিৰ দুই যুৱকে লৈছে গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ৷ ধেমাজিৰ পংকজ গগৈ আৰু গোলাঘাটৰ প্ৰাঞ্জল গাম নামৰ যুৱকদ্বয়ে গৱেষণা কৰি উলিয়াইছে বনৌষধি যুক্ত কোৰোনা ঔষধ৷ মানৱ জাতিৰ সহায় হোৱা উক্ত বনৌষধিয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ‘ইনস্টিটিউচন অৱ লাইভ চাইন্স’ লৈ নমুনা প্ৰেৰণ কৰি অনুমতি লাভ কৰিছে দুই অসম সন্তানে৷ উল্লেখ্য যে উত্তৰপূবাঞ্চলত যিমানবোৰ গছগছনি আছে সেই সমুহ গছৰ পৰা আৱিষ্কাৰ কৰি উলিয়াইছে কোৰোনা প্ৰতিষেধক ঔষধ৷ ইতিমধ্যে বনৌষধিৰ দৰৱৰ পৰিক্ষা ৯৮ শতাংশৰ কাম সম্পন্ন হৈছে বুলি জানিবলৈ দিছে দুই গৱেষক যুৱকে। চৰকাৰী সংশ্লিষ্ট পৰীক্ষাগাৰেও আদৰনি জনালে দুই গৱেষকৰ প্ৰচেষ্টাক। ব্যৱসায় বাবে দুই নিবনুৱা যুৱকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা বিচাৰিছে সহায়ৰ হাত।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here