Home স্থানীয় চাপৰত দুটা পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ

চাপৰত দুটা পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ

408
0

গণ বাৰ্তা, চাপৰ, ১১ ছেপ্টেম্বৰ ঃ ধুবুৰী জিলাৰ চাপৰত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কালি দুটা পিষ্টলসহ দুই যুৱকক ধৰিবলৈ সক্ষম হয়। প্ৰাপ্ত বাতৰি মতে, কালি এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেয়ে চাপৰৰ বহলপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায়। উক্ত তালাচীত এখন মটৰচাইকেলত অহা দুই যুৱকক ৰখাবলৈ সংকেত দিয়ে যদিও যুৱকদ্বয়ে আৰক্ষীৰ সংকেত নামানি পলাবলৈ চেষ্টা কৰে। শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যুৱক দুজনক। পিছত আৰক্ষীয়ে এএছ১৮-৪৯০৬ নম্বৰৰ মটৰচাইকেলখনত তালাচী চলাই নাইন এমএম আৰু এটা ৭.৬ এমএম পিষ্টলৰ লগতে এটা সক্ৰিয় গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে। ধৃত যুৱক দুজন গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ মুজাম্মেল হক আৰু বাছিৰুল হক বুলি জানিব পৰা গৈছে। চাপৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here