Home অসম ইউ ডি এফ-বিজেপিৰ মাজত আছে গোপন মিত্ৰতা : নগাঁৱত সাংসদ গৌৰৱ গগৈৰ...

ইউ ডি এফ-বিজেপিৰ মাজত আছে গোপন মিত্ৰতা : নগাঁৱত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ

183
0

গণ বাৰ্তা, নগাঁও, ২১এপ্ৰিল : ঐতিহ্যমণ্ডিত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আজি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে নৱনিযুক্ত সভাপতি সুৰেশ বৰাই৷ আজি নগাঁও জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সভাত এই দায়িত্ব গ্ৰহণ কৰি সভাপতি সুৰেশ বৰাই সকলোৰে আশীৰ্বাদ বিচৰাৰ লগতে জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো নেতা-কৰ্মীৰ সহযোগিতা কামনা কৰে৷ তেওঁ লগতে কয় যে আহি থকা দিনত নগাঁও জিলাৰ আঠটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰাৰ কামত মনোনিৱেশ কৰিব৷ সভাত সাংসদদ্বয় প্ৰদু্যৎ বৰদলৈ, গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, নগাঁও জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানস বৰাকে ধৰি কংগ্ৰেছৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি কয়– এই চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন কোঙা কৰি পেলাইছে৷ জনবিৰোধী এই চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ মাজত জনমত গঠন কৰিবলৈ কংগ্ৰেছ নেতা-কৰ্মীসকলক তেওঁলোকে আহবান জনায়৷ তেওঁলোকে দলৰ সকলো স্তৰৰ নেতা-কৰ্মীক কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰিবলৈ আহবান জনায়৷ ইপিনে, সংবাদ মাধ্যমৰ আগত নগাঁৱৰ সাংসদ প্ৰদু্যৎ বৰদলৈয়ে কয় যে তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ এতিয়াও শক্তিশালী গণভিত্তি আছে৷ এতিয়া আমি সকলোৱে মিলি দলটোক অধিক শক্তিশালী কৰি তুলিব লাগিব৷ গুজৰাটৰ এজন কংগ্ৰেছৰ বিধায়কক অসম পুলিচে গ্ৰেপ্তাৰ কৰাৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে কয় যে এইটো আচৰিত কথা৷ কোনোবাই এফআইআৰ দিলেই পুলিচে এনে কাৰ্য কৰা উচিত নহয়৷ মই এই কাৰ্যৰ গৰিহণা দিছো৷ তেওঁ লগতে কয়– আমাৰ নেতা-কৰ্মীসকলক হতাশ কৰিবৰ কাৰণে এটা চক্ৰই পৰিকল্পনা কৰি আছে৷ এই কামবিলাক কোনে কৰি আছে সেয়া সকলোৱে জানে৷ একাংশ সংবাদ মাধ্যমৰ লোক শাসকীয় পক্ষৰ কব্জাত আছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমত ছিণ্ডিকেটৰাজ চলাইছে৷ চিণ্ডিকেটৰাজ বন্ধ কৰিব নোৱাৰা চৰকাৰে পুলিচৰ জৰিয়তে গুজৰাটৰ কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ কৰিছে৷ বিজেপি চৰকাৰে পুলিচক নিজৰ স্বাৰ্থত ব্যবহাৰ কৰিছে৷ যাৰবাবে অসম পুলিচৰ মনোবল ভাগি পৰিছে ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগ আনি সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ সকলোৰে বুকুৰ মাজত সোমাই কাম কৰিছিল৷ প্ৰয়াত তৰুণ গগৈৰ কোনো ভোটবেংক নাছিল৷ কামৰ জৰিয়তে বৰ অসম গঢ়িছিল৷ তেখেতে দেখুৱাই যোৱা পথেৰে আমি যাব বিচাৰোঁ৷ এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি সাংসদ গগৈয়ে কয় যে বিজেপি-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা আছে ৷ ব্যৱসায়, ব্যক্তিগত স্বাৰ্থত বিজেপিৰে মিতিৰালি কৰি আছে ৷ এই দলটোৱে বিজেপিৰে যুঁজিব নেকি বুলি তেওঁ মন্তব্য কৰে৷ তেওঁলোকে মুখ্যমন্ত্ৰীৰ নাম ল’বলৈকে ভয় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here