Home স্বাস্থ্য উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ

উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউন্টাৰ

200
0

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৬ অক্টোবৰ : হত্যা, অপহৰণ, ডকাইতি আৰু চুৰিকাণ্ডৰ দৰে অপৰাধত জড়িত বিমানক তিনিচুকীয়া সমীপৰ কাজিখোৱাত এনকাউন্টাৰ কৰে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। এখন গাড়ী চুৰি কৰিবলৈ যোৱাৰ সময়ত কুখ্যাত অপৰাধী বিমানক গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ অৱস্থাত পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত বাওঁভৰিত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীৰ মতে, গোলাঘাটৰ পৰা পলায়ন কৰি যোৰহাটৰ পেট্ৰল পাম্পত বিমানে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় এ এম চিত আত্মীয়ৰ চিকিৎসা কৰি নাহৰকটীয়াৰ পৰা এখন গাড়ী চুৰি কৰি অৰুণাচললৈ গৈছিল। ইফালে কাজিখোৱাত এখন গাড়ী চুৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হয় কুখ্যাত অপৰাধী বিমান। এ এম চিত চিকিৎসাধীন হৈ থকা বিমানৰ পৰা পিষ্টলসহ এডাল তাৰ জব্দ কৰিছে। শিমলুগুৰিৰ গুঞ্জন শৰ্মা অপহৰণতো  জড়িত বিমান পঞ্চাশৰো অধিক ডকাইটি আৰু অপহৰণত জড়িত আছিল বুলি জনা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here