নতুন দিল্লী, ২ আগষ্ট ঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা প্ৰহসনত পৰিণত হৈছে৷ যি সকল হিতাধিকাৰীক এই আঁচনিৰ অধীনত চিলিণ্ডাৰ প্ৰদান কৰা হৈছিল তাৰ অধিকাংশ হিতাধিকাৰীয়ে পুনৰ চিলিণ্ডাৰত গেছ ভৰোৱাৰ পৰা বিৰত থাকিলে৷ ঘৰুৱা চিলিণ্ডাৰৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবেই এই আঁচনিৰ অধীনত লাভ কৰা ৪.১৩ কোটি হিতাধিকাৰীয়ে পুনৰ গেছ নভৰালে চিলিণ্ডাৰত৷ কেন্দ্ৰীয় চৰকাৰে সংসদত প্ৰকাশ কৰা অনুসৰি যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি ৪.১৩ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰত গেছ নভৰালে৷ তাৰ বিপৰীতে ৭.৬৭ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে চিলিণ্ডাৰত গেছ ভৰালে৷ প্ৰেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰ দিবলৈ গৈ এই কথা উল্লেখ কৰে৷ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়– ২০১৭-১৮ বিত্তীয় বৰ্ষত এই আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ ৭.৪৬ কোটিয়ে এবাৰো চিলিণ্ডাৰত গেছ নভৰায়৷ তাৰ বিপৰীতে ৰ.১৯ কোটি হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰাৰ পিছত এবাৰহে চিলিণ্ডাৰত গেছ ভৰায়৷ তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮-১৯ চনত ১.২৪ কোটি, ২০১৯-২০ চনত ৰ.৪১ কোটি, ২০২০-২১ বৰ্ষত ঙ্ম.১০ কোটি আৰু ২০২১-২২ ৰ সময়ছোৱাত ঙ্ম.৯২ কোটি হিতাধিকাৰীয়ে চিলিণ্ডাৰত এবাৰো গেছ নভৰালে৷ তেওঁ কয়– ২০১৮-১৯ চনত ২.৯০ কোটি, ২০১৯-২০ চনত ৰ.৮৩ কোটি আৰু ২০২০-২১ চনত ঙ্ম.৬৭ কোটি আৰু ২০২১-২২ ত ৰ.০৮ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে চিলিণ্ডাৰত গেছ ভৰায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ সময়ছোৱাত মুঠ ৩০.৫৩ কোটি ঘৰুৱা গ্ৰাহকৰ ভিতৰত ২.ৰৰ কোটি গ্ৰাহকে এবাৰো চিলিণ্ডাৰত গেছ নভৰায়৷ তাৰ বিপৰীতে ২.৫১ কোটি ঘৰুৱা এল পি জি গ্ৰাহকে কেৱল এবাৰহে চিলিণ্ডাৰত গেছ ভৰায়৷ উল্লেখ্য যে ২০১৬১ মে’ মাহত প্ৰেট’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ দ্বাৰা গ্ৰামীণ আৰু বঞ্চিত পৰিয়াল বিশেষকৈ ইন্ধন ৰূপে খৰি জ্বলোৱা, গোবৰ, কয়লাৰ দৰে প্ৰাৰম্পৰিক ইন্ধন ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া হ্ৰাস কৰা উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি শুভাৰম্ভ কৰা হয়৷ সেই আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা চিলিণ্ডাৰ প্ৰদান কৰা হয়৷ কিন্তু বৰ্ধিত চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বাবে দৰিদ্ৰ পৰিয়ালসকলৰ বাবে এটা চিলিণ্ডাৰ ভৰোৱাটো এতিয়া সমস্যা হৈ পৰিছে৷ যাৰ বাবে এই আঁচনিৰ হিতাধিকাৰীৰ অধিকাংশই চৰকাৰৰ তৰফৰ পৰা চিলিণ্ডাৰ লাভ কৰাৰ পাছত পুনৰ চিলিণ্ডাৰ ভৰোৱাৰ পৰা বিৰত থাকে
Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰহসনত পৰিণত উজ্বলা আঁচনি : চিলিণ্ডাৰ লাভৰ পিছত ৭.৬৭ কোটি হিতাধিকাৰীহে এবাৰহে...