Home Main Stories উজনিত কিডনী গেং সক্ৰিয় : বৃহৎ বজাৰ মেলি টোপ দিছে দুখীয়া নিচলা...

উজনিত কিডনী গেং সক্ৰিয় : বৃহৎ বজাৰ মেলি টোপ দিছে দুখীয়া নিচলা জনক :

111
0

লাহোৱাল থানাত নিজাববীয়া গোচৰ; তদন্ত আৰম্ভ

গণ বাৰ্তা বিশেষ, ডিব্ৰুগড় ঃ উজনি অসমৰ জিলাকেইখন এতিয়া মানৱ দেহৰ অংগৰ অবৈধ বেহা মুকলি কৰি এটা কিড্‌নী গেং তৎপৰ হৈ পৰাৰ কথা পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত ইতিমধ্যে বাতৰিও প্ৰচাৰ হৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাৰ চেংলিজান, বকপৰা চাহ বাগিচাৰ তিনিজন চাহ শ্ৰমিকে দালালৰ কবলত পৰি নিৰ্দিষ্ট টকাৰ বিনিময়ত কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হস্পিটালত কিড্‌নী বিক্ৰী কৰাৰ কথা মুকলিকৈ ব্যক্ত কৰাত সমগ্ৰ জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে মৰাণ সমষ্টিৰ অন্তৰ্গত শালমাৰী চাহ বাগিচাৰ তিনিজনে কিড্‌নীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত দালাল চক্ৰৰ কবলত পৰি নিজৰ অংগ বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত জামিৰা চাহ বাগিচাতো অনুৰূপ ঘটনা পোহৰলৈ আহিছে। উজনিৰ চাহ বাগিচাৰ সহজ-সৰল চাহ শ্ৰমিকসকলক এই কিড্‌নীৰ দালাল চক্ৰটোৱে টাৰ্গেট কৰি নিজৰ জালত পেলাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে। অশিক্ষিত, দিন হাজিৰা কৰা এচাম ধনলোভী এই জালত প্ৰথমে পৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক কলকাতালৈ নি কিড্‌নী বিক্ৰী কৰি আহিবলৈ বাধ্য কৰে। আৰ্থিক অনাটন বুলি ভবা হৈছে যদিও প্ৰকৃততে ই কিমানদূৰ সত্য সেই কথা তদন্ত কৰিলেই পোহৰলৈ আহিব বুলি স্থানীয় ৰাইজে ব্যক্ত কৰিছে। বৰ্তমান মানৱ অংগ ব্যৱসায়ৰ গোপন ঘাটিত পৰিণত হৈছে উজনিৰ ডিব্ৰুগড়। এজনৰ পাছত আন এজনৰ কিড্‌নী দালালৰ সহযোগত বিক্ৰী কৰাৰ তথ্য উন্মোচিত হোৱাত সকলোৰে চকু কপালত উঠিছে । মানৱ দেহৰ অংগ কৌশলেৰে মধ্যভোগী দালালৰ সহায়ত বিক্ৰী কৰাৰ ন ন ভয়াৱহ তথ্য নিতৌ পোহৰলৈ অহাত সৰ্বত্ৰ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ ঘোঁৰামৰা চেংলিজান চাহ বাগিচাৰ দুজন চাহ শ্ৰমিকৰ কিড্‌নী দালাল চক্ৰই কৌশলেৰে কলকাতাত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত আজি পুনৰ ডিব্ৰুগড়ৰ লাহোৱালৰ এগৰাকী ত্ৰিশ ঊধৰ্বৰ মহিলাই কলকাতাত কিড্‌নী বিক্ৰী কৰাৰ এক তথ্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। লাহোৱাল চাংমাই গাঁৱৰ সমীপৰ লাহোৱাল লাইনৰ হেমন্তী ৰাজবংশী নামৰ তিনি সন্তানৰ মহিলাগৰাকীয়ে এই দালাল চক্ৰৰ কবলত পৰি কলকাতাৰ একেখন চিকিৎসালয়ত কিড্‌নী বিক্ৰী কৰিছিল বুলি কাগজ-পত্ৰত উল্লেখ আছে। মন কৰিবলগীয়া কথা যে এইগৰাকী মহিলাৰ স্বামীয়ে এসময়ত ডিব্ৰুগড়ৰ পল্টন বজাৰত ঠেলা চলাইছিল আৰু সেই কিড্‌নীৰ দালাল চক্ৰৰ সৈতে পৰিচয় হৈছিল আৰু যোৱা চাৰি মাহমানৰ আগতে টকাৰ বিনিময়ত কিড্‌নী বিক্ৰী কৰিছিল। কিন্তু কিড্‌নী দিয়াৰ বিনিময়ত দিবলগীয়া ধন কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণকৈ আদায় দিয়া নাই বুলি মহিলাগৰাকীয়ে জানিবলৈ দিছে। লাহোৱালৰ দৰেই ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচাৰ আন এগৰাকী চাহ শ্ৰমিকে মানৱ অংগৰ ব্যৱসায়ী চক্ৰৰ হাতত পৰি প্ৰায় ডেৰ মাহ পূৰ্বে কিড্‌নী বিক্ৰী কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচাৰ ম’হমাৰী লাইনৰ ৰমেন কৈৰী(৪৭)ৰ দেহত এতিয়াও চিলাই কেঁচা হৈয়ে আছে। ঘৰুৱা কামত গুৱাহাটীলৈ গৈ অৰ্থৰ অভাৱত পৰা ৰমেন গুৱাহাটীৰ কিৰণ দেৱ নামৰ কিড্‌নীৰ দালালৰ পাকচক্ৰত পৰি পোনে পোনে কলকাতালৈ ৩ লাখ ৫০ হেজাৰ টকাত কিড্‌নী বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল বুলি নিজে প্ৰকাশ কৰিছে। মন কৰিবলগীয়া কথা যে অসম আৰক্ষী আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগ এটা থকাৰ পাছতো কিয় এনেদৰে নিতৌ মানৱ দেহৰ অংগ ব্যৱসায় ৰাজ্যখনত ৰমৰমীয়া হৈ উঠিছে সেয়াও কিন্তু লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে। ইমানবোৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতো অসম চৰকাৰৰ আৰক্ষী বিভাগ আৰু স্বাস্থ্য বিভাগে কিয় একো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰা নাই নে তেওঁলোকো এই অবৈধ মানৱ দেহৰ অংগ ব্যৱসায়ৰ সৈতে আওপকীয়াকৈ জড়িত নেকি বুলি সচেতন ৰাইজে মুকলিকৈ প্ৰশ্ন উত্থাপন কৰিছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে চেংলিজান চাহ বাগিচাৰ ৰামু কৰ্মকাৰ আৰু জিত বাউৰীৰ কিড্‌নী বিক্ৰী সন্দৰ্ভত ২০১৩য২০২১ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭০ ধাৰাত এটি পঞ্জীয়ন কৰি নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here