Home Main Stories মোক আশ্ৰয় নহয়, অস্ত্ৰৰ প্ৰয়োজন: পলায়নৰ কথা অস্বীকাৰ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ হুংকাৰ

মোক আশ্ৰয় নহয়, অস্ত্ৰৰ প্ৰয়োজন: পলায়নৰ কথা অস্বীকাৰ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ হুংকাৰ

137
0

কিয়েভ, ২৬ ফেব্ৰুৱাৰী ঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ  যুদ্ধই  এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়িছে। সমগ্ৰ বিশ্ব এতিয়া এই দুয়োখন দেশৰ যুদ্ধক লৈ উদ্বিগ্ন হৈ পৰিছে। যি সময়ত বিশ্বই একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰি আছে সেই সময়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে। ক’ভিডকালীন সময়ছোৱাত সমগ্ৰ বিশ্ব এককভাৱে আগবাঢ়ি যোৱাৰ সংকল্প লৈছিল যদিও সেই সংকল্পৰ পৰা ফালৰি কাটি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত তিনিদিন ধৰি দিেন-নিশাই চলাই আছে আক্ৰমণ। এই আক্ৰমণত এতিয়ালৈ  বহুলোকৰ মৃত্যু ঘটিছে। দুয়োপক্ষৰে এই আক্ৰমণত বিস্তৰ ক্ষতি হৈছে। আক্ৰমণ চলি থকাৰ মাজতে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে আমেৰিকাৰ চৰকাৰে নিৰাপত্তাৰ খাতিৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি লোডিমীৰ জেলেনস্কীক নিজ দেশৰ পৰা উলিয়াই অনাৰ প্ৰয়াস চলাইছে। ঠিক একেদৰে ৰাছিয়াই দাবী কৰিছিল যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলায়ন কৰিছে। এই দাবীৰ প্ৰতিক্ৰিয়াস্বৰূপে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কিয়েভৰ ৰাজপথলৈ ওলাই আহি সতীৰ্থৰ সৈতে এক ভিডিঅ’ বাৰ্তা জাৰি কৰে। যি বাৰ্তাত তেওঁ উল্লেখ কৰিছে যে তেওঁ দেশ এৰি পলায়ন কৰা নাই। এতিয়াও তেওঁ নিজ দেশতে আছে। তেওঁ কয়, ‘মোক বন্দী কৰাৰ যি পৰিকল্পনা ৰাছিয়াই ৰচিছিল, সেই পৰিকল্পনা বিফল কৰা হৈছে।’

ৰাছিয়াই মোক বন্দী কৰি তেওঁলোকৰ নিৰ্দেশত চলা চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সেই চেষ্টা বিফল কৰি দিয়া হৈছে। লগতে তেওঁ কয় ইউক্ৰেইনী সেনাৰ হাতত ৰাজধানী কিয়েভ আৰু তাৰ দাঁতি-কাষৰীয়া চহৰসমূহৰ ৰাজধানী নিয়ন্ত্ৰণত আছে। কিন্তু ইউক্ৰেইনৰ বহু চহৰত ৰাছিয়া সেনা প্ৰৱেশ কৰিছে বুলি তেওঁ স্বীকাৰ কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰাছিয়াৰ লোকসকললৈ এক আহবান জনায় যে তেওঁলোকৰ ৰাষ্ট্ৰপতিক ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব লাগে। একেদৰে তেওঁক আমেৰিকাই যি আশ্ৰয় দিয়াৰ কথা প্ৰকাশ কৰিছিল, তাৰ প্ৰতিক্ৰিয়াস্বৰূপে কয় যে মোক আশ্ৰয় নহয়, অস্ত্ৰৰহে প্ৰয়োজন। ইয়াৰ উপৰিও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক অস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈ আহবান জনাইছিল। সেই আহবানৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে উল্লেখ কৰে যে তেওঁ কোনো কাৰণতে অস্ত্ৰ ত্যাগ নকৰে। দেশৰ ভিতৰত থাকিয়েই ইউক্ৰেইনক সুৰক্ষা প্ৰদান কৰিব। উল্লেখ্য যে আজি ইড×ক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কে’বাগৰাকীও বিশ্বৰ নেতাৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতেও বাৰ্তালাপ কৰে। এই বাৰ্তালাপৰ পিছত তেওঁ টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত ইউক্ৰেইনক সমৰ্থন জনাবলৈ ভাৰতক আহবান জনোৱা হৈছে বুলি উল্লেখ কৰি কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ কূটনীতিবিদে ইউক্ৰেইনক সমৰ্থন প্ৰদান কৰক। সকলোৱে একত্ৰিত হৈ এই যুদ্ধ বন্ধ কৰিব লাগিব। উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ পূৰ্বে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। এই বাৰ্তালাপত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক ইউক্ৰেইনৰ ওপৰত চলাই থকা আক্ৰমণ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আহবান জনাইছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here