
গৰু বিহুৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাও বেঙেনাৰ চাক লৈ ৰোমন্থন কৰিলে অতীত। নিজৰ জন্ম স্থান বিন্ধাকটা মুলুকগাঁৱত পুৱাই নিভাঁজ চহা অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ গৰু বিহু পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘৰৰ ল’ৰা ঘৰতে বিহু উদযাপন কৰিব। সেয়ে দিল্লীৰ পৰা উৰা মাৰি আহি পুৱাই গাঁওবাসীৰ সৈতে গৰু বিহু পালন সৰ্বানন্দ সোণোৱালৰ। গৰু বিহুৰ দিনটোত ওপজা গাঁওখনিৰ ল’ৰালিৰ মাদকতা বিচাৰি বিন্ধাকটা মুলুকগাঁৱলৈ আহিল সকলোৰে মৰমৰ ‘কুকৈ’। নৈ-পুখুৰী পাৰত গাঁওবাসীৰ সৈতে একেলগে গৰুক গা ধুৱাই সোণোৱালে সুঁৱৰিলে ল’ৰালিৰ পুৰণি স্মৃতি \
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা…মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু। গৰুক গা-ধুওৱা সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বহুকেইজন নেতাৰ লগতে স্থানীয় গাঁৱৰ জ্যেষ্ঠ-কনিষ্ঠ পুৰুষ-মহিলা সকলোৱে।