Home Main Stories যোৰহাটত নিশ্চিত নহয় লক ডাউন — পৰিস্থিতি অধিক অৱনতি ঘটিলে চৰকাৰে অবলম্বন...

যোৰহাটত নিশ্চিত নহয় লক ডাউন — পৰিস্থিতি অধিক অৱনতি ঘটিলে চৰকাৰে অবলম্বন কৰিব কঠোৰ নীতি : স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত

204
0

ষ্টাফ ৰিপৰ্টাৰ।, যোৰহাট, ২২ জুনঃ যোৰহাটত মঙ্গলবাৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত উপস্থিত হৈ নিৰীক্ষণ কৰে জিলাখনত চলি থকা মেগা ভেক্সিনেচন ড্ৰাইভ। যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ মডেল ভেকচিন চেণ্টাৰত উপস্থিত হৈ স্বাস্থ্য মন্ত্রীজনে ভেকচিন গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত বিনিময় কৰে । লগতে মন্ত্রীগৰাকীয়ে এই মডেল ভেকচিন চেণ্টাৰতো নিৰীক্ষণ কৰি সাংবাদিকৰ আগত কালিৰে পৰা আৰম্ভ হোৱা এই ভেকচিনেচন মেগা ড্ৰাইভত কালি প্ৰায় ৩ লাখ ৬৬ হাজাৰ লোকক ভেকচিন দিয়া হয় বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে অসমৰ ৰাইজে এই মেগা ভেকচিনেচন ড্ৰাইভত বিপুল সঁহাৰি জনাইছে। দিনে নিশাই কষ্ট কৰা স্বাস্থ্য কৰ্মীসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগ কোৰোনা মহামাৰীৰ তৃতীয় লহৰৰ বাবে সম্পূর্ণ ৰূপে সাজু বুলি উল্লেখ কৰে। ইফালে সাংবাদিকে সোধা প্ৰশ্নত স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই যোৰহাটত লক ডাউন নিশ্চিত নহয় বুলিও মন্তব্য কৰে। কিন্তু পৰিস্থিতি আৰু অৱনতি ঘটিলে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সম্ভাবনা আছে বুলি তেওঁ উল্লেখ কৰে । এই সমগ্র বিষয়টো মূখ্যমন্ত্রীয়ে নিৰ্ণয় ল’ব।প্ৰত্যক দিনাই তিনি লাখৰ পৰা চাৰি লাখ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে যদিহে কেন্দ্রই যোগান ধৰে বুলিও তেওঁ উল্লেখ কৰে। জিলা পৰ্য্যায়ৰ স্বাস্থ্য খণ্ডটো ইতিমধ্যে আই চি ইউ আৰু অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়। উল্লেখ্য যে ৰাজ্যিক স্বাস্থ্য মন্ত্রী গৰাকীয়ে আজি পূৰ্বে গোলাঘাট জিলাতো মেগা ভেকচিনেচন ড্ৰাইভ নিৰীক্ষণ কৰিছিল। আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়ৰ কভিড পৰিস্থিতি আৰু পৰিবেশ বুজ লৈ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here