Home অসম অধ্যয়নহীন অসমীয়াই অসমত কিমান দিন জীয়াই থাকিব ?

অধ্যয়নহীন অসমীয়াই অসমত কিমান দিন জীয়াই থাকিব ?

314
0


ড॰ জাকিৰুল আলম , ৮ ডিচেম্বৰ : বিশ্বৰ উন্নত আৰু প্ৰগতিশীল জাতিসমূহৰ প্ৰভাৱ তেওঁলোকৰ কৰ্মৰাজিৰ দ্বাৰা বিশ্বৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডত চাপ ৰাখি থ’বলৈ সময়ে সময়ে সক্ষম হৈছে৷ এই সৃষ্টিমূলক আৰু ইতিবাচক কৰ্মৰাজিৰ বাবে বা প্ৰচেষ্টাৰ বাবে বিশ্বৰ আন সমগ্ৰ জাতিবোৰে কৃতজ্ঞতাৰে নতশিৰ হ’ব লগা হয়৷ সেই উন্নত জাতিসমূহক এই কাৰণে সোঁৱৰা হয়, তেওঁলোকৰ দূৰদৰ্শিতাৰে উদ্ভাৱন, সৃষ্টিশীলতাৰে যিবোৰে সমগ্ৰ বিশ্বক বিনা চৰ্তে আলোকৰ আভাৰে লাভৱান্বিত কৰিব পাৰিছে৷ সময়ৰ খোজত নিজৰ তাৎপৰ্যমূলক নিৰন্তৰ প্ৰচেষ্টাক যি জাতিয়ে আঁচোৰ ৰাখি যাব পাৰে সেই জাতিয়ে সিমানে ইতিহাসৰ পাতত সেই স্থান লাভ কৰিবলৈ সক্ষম হ’ব৷ বিশ্বৰ উন্নত জাতিসমূহৰ বিশ্লেষণ কৰিলে এই কথাই পুনৰাবৃত্তি হয়৷ সেই জাতিসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল অধ্যয়নপিপাসু অৰ্থাৎ বিশ্বৰ লগতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত কি ঘটিছিল, কি ঘটি আছে আৰু কি ঘটাৰ সম্ভাৱনা আছে তাৰ প্ৰতি সজাগ আৰু অহৰহ জানিবলৈ প্ৰচেষ্টা কৰি থকা হয়৷ তাৰ বাবে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক অবিভাজিত ৰূপত বা একত্ৰিত ৰূপত প্ৰত্যক্ষদশীৰ্ হয়, সচেতন বা বিবেকক সেইমতে সজাগ আৰু প্ৰস্তুত কৰি ৰখা হয়৷ ৰহস্যময় বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যক বিজ্ঞানসন্মত ৰূপত উদ্‌ঘাটন কৰি তাৰ দ্বাৰা নিজৰ লগতে সমগ্ৰ মানৱ জাতিৰ লাভৱান কৰাটো প্ৰধান লক্ষ্য আৰু সাধনা কৰা দেখা যায়৷ মূলতে প্ৰজ্ঞাৰ সাধনাৰ অবিহনে এই উন্নত জাতিসমূহে নিৰন্তৰ নিজৰ সাফল্যৰ চাপ ইতিহাসৰ পাতত থৈ যাব নোৱাৰিলে হয়৷ সেইমতে তেওঁলোকক বিশ্বত স্থান দিয়া আৰু সমীহ কৰা হয়৷ তাৰ সমান্তৰালকৈ যিবোৰ জাতিৰ বিশ্ব ভাতৃত্বমূলক অনুভৱ নাথাকে, সেই হিচাপে প্ৰকৃতিগত সামৰ্থ্যানুসৰি নিজৰ সৃজনীমূলকভাৱে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি একোটা অৱদানৰ চাপ এৰি থৈ যোৱাৰ মানসিকতা নাথাকে, তেনে জাতি সময়ৰ খোজত নিখোজ হৈ পৰে আৰু ইতিহাসে তেনে জাতিক স্থান নিদিয়ে৷ এনে প্ৰক্ৰিয়াৰ বাবে মানৱ জাতি বিশ্বত আৱিৰ্ভাৱ হোৱাৰ পৰা সময়ে সময়ে এনে লাখ লাখ জাতি গঠন হৈ আহিছে আৰু সময়ৰ বুকুত নিঃচিহ্ন হৈ গৈ আছে৷ সেই নিঃচিহ্ন হোৱা জাতিৰ বৈশিষ্ট্যবোৰলৈ লক্ষ্য কৰিলে সকলোৰে এটা কথা স্পষ্ট হৈ পৰে যে যিবোৰ জাতি বিজ্ঞানসন্মত বা যুক্তিসংগত অধ্যয়নৰ ওপৰত গুৰুত্ব নিদিয়ে, আৰ্জিত জ্ঞানৰ দ্বাৰা বহলভিত্তিত উপযোগী হোৱাকৈ গ্ৰহণীয় নতুনত্ব আনিব নোৱাৰে, বিশ্বত দেখা সমস্যাবোৰ সমাধানৰ্থে একোটা প্ৰচেষ্টাৰ দ্বাৰা সমভাগী হ’ব নিবিচাৰে, কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থত গঢ়ি উঠা জাতিক আন জাতিবোৰে প্ৰকৃতিগত নিয়ম অনুসৰি ঘূৰিয়ে নাচাই, যি জাতি সাম্প্ৰদায়িক, জাতি-বৰ্ণ-বৈষম্য, ধৰ্ম-বৈষম্যৰ, পুঁজিপতিৰ শোষণ ব্যৱস্থাৰ ওপৰত আধাৰিত সেই জাতি, ঘৃণাৰ বাহিৰে ইতিহাসৰ পাতত আন স্থান নাপায়৷ প্ৰত্যেক ব্যক্তি আৰু জাতিবিশেষে সদায় বৰ্তমানত নিজকে নায়ক বা নায়িকাৰ ৰূপত ভিন্ন দিশৰ পৰা প্ৰতিষ্ঠা কৰাৰ লগতে ভৱিষ্যতৰ ইতিহাসতো একেদৰে প্ৰতিষ্ঠিত হোৱাটো কামনা কৰে৷ কিন্তু তাৰ বাবে যি প্ৰকৃতিগত নিয়মমতে পথ অৱলম্বন কৰি যি অধ্যয়নশীল মানসিকতাৰ সৃষ্টি, ধৈৰ্য, ত্যাগ, একাত্মতা, আগ্ৰহী, বিশ্ব-ভাতৃত্ববোধ, নিৰপেক্ষতা, সমতা, জাতি-ধৰ্ম-বৰ্ণ নিৰপেক্ষতা, উদাৰ মানসিকতা, জীৱন-দৰ্শন, নান্দনিক বা কলাত্মক জীৱন আদি গুণৰ পয়োভৰৰ প্ৰয়োজন তাৰ বাবে যি সাধনাৰ প্ৰয়োজন, তাৰ কষ্ট প্ৰতি লক্ষ্য ৰাখি সদায় পাছ হোঁহকো বা এলেহুৱা নিষ্কৰ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰো৷ ত্যাগ-কষ্ট কৰি সাধনাত ব্ৰতীও হ’বও নিবিচাৰোঁ আৰু ইতিহাসৰ পাতত নিজকে হিৰ’ হিচাপে আখ্যায়িত হ’বলৈ মনে-প্ৰাণে আশা কৰোঁ৷ যিকোনো এটাহে সম্ভৱ এটা সময়ত৷ হয়, ইতিহাসত নায়ক বা নায়িকা হ’বলৈ কষ্ট-ত্যাগ কৰি সাধনাত ব্ৰতী হৈ বিবেকক জাগ্ৰত কৰা, নহ’লে নিজৰ আৱেগ-প্ৰবৃত্তিৰ মতে পৰিচালিত হৈ একোজন ব্যক্তি বা একোটা জাতিলৈ ৰূপান্তৰিত হোৱা যি সময়ৰ খোজৰ ধূলিত অনায়াসে বিলীন হৈ যায়, এই পাৰ্থক্য মাত্ৰ এটা কৰ্মৰ দ্বাৰা হয়৷ সেয়া হৈছে অধ্যয়নশীল মানসিকতা আৰু তাৰ সঠিক প্ৰয়োগ৷
অধ্যয়নৰ অবিহনে কোনো ধৰ্ম, বিজ্ঞান, সমাজ, সাহিত্য, চিকিৎসা আদি কৰি সমাজৰ হাজাৰটা দিশৰ উৎপত্তিৰ লগতে বিকাশ সম্ভৱ নহ’ল হয়৷ আদিম যুগত জ্ঞান, অভিজ্ঞতা, পদ্ধতি, কৌশল, বাৰ্তা আদি সমূহ মৌখিক ৰূপত হস্তান্তৰ হৈছিল৷ ক্ৰমান্বয়ে গছ, শিল, মাটি, ঘৰৰ বেৰ, উপাসনাস্থলী আদিসমূহত চিহ্নৰ দ্বাৰা বা নিজৰ কথিত ভাষাৰ দ্বাৰা লিপিবদ্ধ কৰি, ক্ৰমান্বয়ে গছপাত, বাকলি আদিক মাধ্যম হিচাপে তাৰ পাছত কাপোৰত, জীৱ-জন্তুৰ চামৰাত আদি কৰি হাজাৰ হাজাৰ মাধ্যমৰ অন্তত বৰ্তমান আধুনিক যুগৰ কাগজ-কলমৰ স্তৰ আহি পাইছে৷ মাধ্যমৰ সামগ্ৰী সমূহ স্তৰ অনুযায়ী ভিন্ন হ’ব পাৰে, কিন্তু অধ্যয়ন আৰু তাৰ ফলসমূহৰ লিপিবদ্ধ প্ৰক্ৰিয়া তেতিয়াৰ পৰা আজিলৈকে একে৷ বিজ্ঞান প্ৰযুক্তিৰ চৰম বিকাশৰ লগে লগে তথ্যসমূহৰ বা বিষয়সমূহৰ মাধ্যম দোপতদোপে শ্ৰীবৃদ্ধি হৈ আছে৷ মৌখিক ৰূপে প্ৰচলিত লোক মাধ্যম, তাৰ পাছত কাগজত প্ৰকাশিত ৰূপক ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমত প্ৰকাশিত ব্যৱস্থাক বৈদ্যুতিন মাধ্যম, শেহতীয়া ডিজিটেল ৰূপত প্ৰকাশিত ব্যৱস্থাক নব্য প্ৰচাৰ মাধ্যম বুলি বিভক্ত কৰা হৈছে৷ কিন্তু শেহতীয়া তিনিটা দশকৰ বৈদুতিন মাধ্যম আৰু শেহতীয়া দুটা দশকৰ নব্য প্ৰচাৰ মাধ্যমৰ মানৱ জাতিৰ বিবেকক প্ৰতিক্ৰিয়া কৰাৰ পদ্ধতি আৰু ইয়াৰ ফলাফলক লৈ গৱেষণাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে বৈদ্যুতিন মাধ্যম [দূৰদৰ্শন, ৰেডিঅ’, ফিল্ম, টেপ ৰেকৰ্ডাৰ আদি] আৰু নব্য প্ৰচাৰ মাধ্যম [ইণ্টাৰনেটৰ দ্বাৰা ফেচবুক, টুইটাৰ, মেইল, ব্লগ, ৱেবছাইট, অ’ৰকুট, হোৱাটছ-এপ আদি]ৰ দ্বাৰা একোটা বাৰ্তা, বিষয় বা জ্ঞান যিমান দ্ৰুত ৰূপত, বিস্তাৰিত ৰূপত প্ৰভাৱান্বিত কৰিব পাৰে কিন্তু সিমানে ইয়াৰ প্ৰভাৱ ঋণাত্মক বা ক্ষতিকাৰক ৰূপত হোৱা দেখা যায়৷ ছপা মাধ্যমত প্ৰকাশৰ বাবে যিমান বিষয়বস্তু নিৰ্বাচনত সচেতনতা আৰু সাৱধানতা অৱলম্ব¤ন কৰা হয়, কিন্তু তাৰ সমান্তৰালকৈ ইলেকট্ৰ’নিক বা ডিজিটেল মাধ্যমত অসাৱধানতা হোৱা পৰিলক্ষিত হয়৷ এই দুয়োটা পদ্ধতিত বাৰ্তা প্ৰেৰণৰ প্ৰক্ৰিয়া খুব তীব্ৰ আৰু ক্ষিপ্ৰতৰ হোৱা বাবে বিষয়বস্তু নিৰ্বাচন আৰু সম্পাদনা কৰা বা উপস্থাপন কৰাত সততে সময়ৰ অভাৱত আৰু ইচ্ছাকৃতভাৱে ত্ৰুটি থকা দেখা যায় বা ইয়াৰ বাৰ্তাৰ অৰ্থ বিপৰীত ৰূপত উপস্থাপন কৰি ক্ষতিকাৰকৰ ৰূপত সমাজক প্ৰভাৱান্বিত কৰিছে৷ সংবাদ মাধ্যমৰ ‘গেট কিপিং’ তত্ত্বৰ দ্বাৰা ভাৰতত যি সংবাদ প্ৰেৰণ কৰাৰ ওপৰত গুৰুত্ব দিছে, সেই তত্ত্ব বৈদ্যুতিন মাধ্যম আৰু নব্য প্ৰচাৰ মাধ্যমত ব্যৱহাৰ নকৰা বাবে বা ব্যৱহাৰ কৰাৰ সম্ভাৱনা কম থকা বাবে লাভতকৈ সমাজৰ ক্ষতি বৈছি হৈছে৷ বৰ্তমান পৰ্যায়ত এই দুটা মাধ্যমে শক্তিশালী ৰূপত প্ৰত্যেকটো প্ৰজন্মক তীব্ৰ ৰূপত আকৰ্ষণ কৰাৰ লগতে ঋণাত্মক দিশত সমানে প্ৰভাৱান্বিত কৰি সমাজখনক দিশহাৰা কৰি তুলিছে৷ কিন্তু সম্পূৰ্ণ শিক্ষা ব্যৱস্থা ছপা মাধ্যমতে তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰচলিত হৈ আহিছে, তাকো সমগ্ৰ বিশ্বতে, ইয়াৰ সহায়ৰ বাবে বৈদ্যুতিন মাধ্যম- কম্পিউটাৰ, দূৰদৰ্শন, ৰেডিঅ’ আদি, নব্য প্ৰচাৰ মাধ্যম-মেইল, ব্লগ, ৱেবছাইট আদি ব্যৱহাৰ কৰা হয়৷ কোৰোনা মহামাৰীত সমগ্ৰ বিশ্বত অনলাইনত [বৈদ্যুতিন মাধ্যমত] শিক্ষা প্ৰদান কৰি বিগত দুবছৰে ইয়াৰ পৰিণাম দেখি বুজা গ’ল যে এই পদ্ধতিত সমগ্ৰ শিক্ষা ব্যৱস্থা দুৰ্বল আৰু পলায়নবাদী চৰিত্ৰৰ পূৰ্ণকালীন ব্যৱহাৰ হয়৷ এই ব্যৱস্থাত শিক্ষা ব্যৱস্থা কেতিয়াও সফল হ’ব নোৱাৰে ব্যৱহাৰিক ৰূপত৷
উপৰোক্ত প্ৰক্ৰিয়াটো সমগ্ৰ বিশ্বৰ জাতিসমূহৰ লগতে একেদৰে অসমীয়া জাতিটোৰ ক্ষেত্ৰত প্ৰযোজ্য হয়৷ বৰ্তমানলৈকে আমি অসমীয়া জাতিটো মাত্ৰ নিজৰ মাজতে আবদ্ধ হৈ আপোনভোলা হৈ আছো৷ যাৰ বাবে বিশেষ অৱদান বিশ্ব পৰ্যায়ত ৰাখিব পৰা নাই৷ তাৰ মূলতে অধ্যয়নশীল মানসিকতা আমাৰ জাতিটোৰ চেতনাত আনিব পৰা নাই৷ বিগত এক হাজাৰ বছৰৰ বিশ্বৰ ইতিহাস চালে দেখা যায় যে যিসমূহ জাতি ইতিহাসৰ পাতত জিলিকি আছে, সেই জাতিসমূহৰ প্ৰতিজন ব্যক্তিগত বিকাশৰ সমান্তৰালকৈ সামাজিক দিশৰ বিকাশৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা জাতিটোৰ সামগ্ৰিক পৰিচয় দাঙি ধৰে৷ ব্যক্তিগত লাভালাভৰ বাহিৰে সমগ্ৰ সমাজখনৰ প্ৰতি লক্ষ্য কৰি বা সমগ্ৰ মানৱ জাতিৰ প্ৰতি লক্ষ্য কৰি একো অৱদান আগবঢ়াব নোৱাৰিলে তেনে ব্যক্তিগত সফলতাক কোনো ইতিহাসে বা সমাজে স্বীকৃতি দিয়া নাই৷ কিমান প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মন্ত্ৰী, সাংসদ, বিধায়ক, আইএএছ, আইপিএছ, এচিএছ, এপিএছ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰবক্তা, অধ্যাপক, ডাক্তৰ, ইঞ্জিনীয়াৰ আদি কৰি সকলো দিশত উচ্ছ পদবী গ্ৰহণ কৰাসকলৰ মাজৰ কেইজনক সমাজে বা ইতিহাসে মনত ৰাখে? বিশ্ব মানৱ সমাজৰ লগতে সমগ্ৰ সৃষ্টি জীৱৰ প্ৰতি নিম্নতম অৱদান আগবঢ়োৱা বা প্ৰচেষ্টা কৰাসকলৰ বাদে বাকী উচ্ছ পদবীৰ পৰা নিম্ন পদবীৰ সকলোলৈকে মৃত্যুক ইতৰ প্ৰাণীৰ মৃত্যুৰ দৰে সহজে গ্ৰহণ কৰে৷ মাত্ৰ ব্যক্তি স্বাৰ্থ থকা পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ, জীৱিকাৰ লগত জড়িত ব্যক্তিসকলৰ বাদে আনে ঘঁৰিয়ালৰ চকুলো নুটুকে৷ কিয়নো, মৃত্যুৰ পাছদিনাৰ পৰাই মৃতকৰ সম্পত্তিৰ ভাগ-বাটোৱাৰাক লৈ একোখন যুদ্ধ আৰম্ভ কৰে৷ লাগিলে মৃতক নৰক যাওক বা স্বৰ্গ যাওক তাৰ কোনো চিন্তা নাই৷ যি ক্ষেত্ৰত পৰিয়ালৰ মাজতে মৃত্যু পাছত এজন ব্যক্তিৰ স্থান এনেধৰণৰ, তেন্তে বাহিৰৰসকলৰ বাবে কি স্থান হ’ব? মাত্ৰ যিসকলৰ অৱদানৰ দ্বাৰা সীমিত সমাজ বা সমগ্ৰ সমাজ আলোকেৰে আলোকিত হয় সেইসকলৰ অৱদানৰ পৰিসৰ অনুসৰি বিশ্বই মনত ৰাখে লগতে সংপৃক্ত জাতিটোক ব্যক্তি বিশেষ অৱদানৰ সমান্তৰালকৈ সামগ্ৰিক জাতিৰ বৈশিষ্ট্য অনুযায়ী অৱদান হয় তেন্তে তেনে জাতিক সমীহ কৰাটো প্ৰকৃতিগত নিয়ম অনুসৰি বাধ্যবাধকতাত আহি পৰে৷
এনে প্ৰকৃতিৰ নিয়ম অনুসৰি অসমীয়া জাতিৰ কি অৱদান আছে যাৰ বাবে আমি ইতিহাসৰ পাতত জিলিকি থাকিম৷ আমি যি ইতিহাসৰ কথা কৈ আত্মবিভোৰ হৈ থাকো, আন জাতিৰ লগত যেতিয়া মুখামুখি বা প্ৰতিযোগিতা হয় তেতিয়াহে আমি কিমান পানীৰ মাছ ওলাই পৰে৷ উত্তৰ ভাৰত, পশ্চিম ভাৰত, দক্ষিণ ভাৰত, মধ্য ভাৰত এই অঞ্চলসমূহতে আমাৰ অস্তিত্ব নাই, আমাৰ সুকীয়া পৰিচয় নাই, সেইসকলক প্ৰভাৱান্বিত কৰিব পৰাকৈ অৱদান নাই৷ অধ্যয়নহীন জাতি এটাৰ পৰানো ইয়াতকৈ বেছি আশা কৰিব পাৰিনে? বছৰি লাখ লাখ ছাত্ৰ-ছাত্ৰী মেট্ৰিক, উচ্ছতৰ মাধ্যমিক, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা পাছ কৰে, বৰ্তমানলৈকে শিক্ষা মাত্ৰ প্ৰমাণ-পত্ৰ আহৰণকেন্দ্ৰিক ৰূপত প্ৰতিষ্ঠিত, সেয়ে ইয়াত অধ্যয়ন প্ৰজ্ঞাৰ বাবে নহয়, মাত্ৰ নম্বৰৰ বাবে৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সৰহসংখ্যকে আহৰণ কৰা জ্ঞানখিনি ব্যৱহাৰিক জীৱনত উপযোগী কৰিব নোৱাৰে বা পৰীক্ষা সমা৫১ পাছতো অধ্যয়নশীল মানসিকতা গঢ়ি তুলিব নোৱাৰে৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ ৭২.১৯ণ৷ ভাৰতৰ মুঠ ৩৬খন ৰাজ্যৰ ভিতিৰত ২৫ নৱেম্বৰত স্থান৷ শিক্ষিত বা ডিগ্ৰী থকা শিক্ষা আৰু অধ্যয়নশীলতাৰ মাজত বহুত পাৰ্থক্য আছে৷ শিক্ষিত বা ডিগ্ৰীৰ বাবে অধ্যয়নৰ প্ৰয়োজন, কিন্তু এক সীমিত বিষয়বস্তুৰ ওপৰত৷ কিন্তু অধ্যয়নশীল মানসিকতাই এক অবিৰত তথ্য, জ্ঞান, বাৰ্তা, ঘটনা আদিসমূহৰ এক সূক্ষ্ম বিশ্লেষণাত্মক মানসিক প্ৰক্ৰিয়াক সাঙুৰি লয়৷ কেৱল চাকৰিমুখী ডিগ্ৰীৰ বাবে অধ্যয়ন কেতিয়াও অধ্যয়নশীল মানসিকতাৰ পৰিচয় বহন নকৰে৷ এনে অধ্যয়নশীল মানসিকতাৰ অভাৱৰ বাবে অসমীয়া জাতিয়ে দিনে দিনে নিজৰ অস্থিত্বৰ প্ৰতি নিজে বিপদ মাতি অনা হৈছে৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ অসমীয়াই এতিয়া বিবেক আৰু আৱেগ প্ৰবৃত্তিৰ মাজৰ পাৰ্থক্য আনিব পৰা নাই, কিয়নো মাত্ৰ শিক্ষিত বা প্ৰমাণ-পত্ৰহে আৰ্জিলে, অধ্যয়নশীল মানসিকতা গঢ়া নাই অৰ্থাৎ দৈনিক প্ৰতিটো দিশৰ ঘটনা-পৰিঘটনা বা ভৱিষ্যতৰ কথা অনুমান কৰিবলৈ নিয়মিত অধ্যয়নৰ অভ্যাস নাই৷ তেনেক্ষেত্ৰত আৱেগ-প্ৰবৃত্তিৰ বশৱৰ্তী নহৈ বিবেকক কেনেকৈ ব্যৱহাৰ কৰিব৷ লজ্জাজনকভাৱে অসমীয়া জাতিৰ প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো স্তৰৰ বেছিভাগ বা প্ৰায়ভাগ শিক্ষক-শিক্ষয়িত্ৰী অধ্যয়নশীল নহয়৷ চাকৰি পাবৰ বাবে যি পঢ়িলে, চাকৰি পোৱাৰ পাছত সিমানতে সমাপ্ত যি হ’ল হ’ল৷ বাকী সমগ্ৰ জীৱনটো মাত্ৰ দৰমহা টকাকেইটাৰ বাবে একেকেইখন কিতাপৰ বা বিষয়বস্তুৰ মাজত সীমাবদ্ধ হৈ অৱসৰ লয়৷ এনেকুৱা অনগ্ৰসৰ মানসিকতা দেখিলে আমাৰ মুখৰ আগতে আন উন্নত জাতিবোৰে থুই পেলায়৷ লাখ টকা দৰমহা প্ৰত্যেক মাহত পালেও এশ টকা খৰচ কৰি আলোচনী বা কিতাপ ক্ৰয় কৰি ন ন কথা শিকিবলৈ শিক্ষক সমাজৰে যদি এটা ঢেকেৰাখোৱা মানসিকতা আছে, তেন্তে সেইসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰো একে প্ৰভাৱ পৰাটো স্বাভাৱিক৷ অধ্যয়ন বা জ্ঞান অৰ্জন যেনিবা মাত্ৰ বৃত্তি বা টকা ঘটাৰ মাজতহে সীমাবদ্ধ৷ জীৱন দৰ্শন যে একেবাৰে শূন্য, মৃত্যুৰ আগমুহূৰ্তলৈকে যে মানুহ হিচাপে জীয়াই থাকিবলৈ তেনে বৈশিষ্ট্যৰ সমাহৰৰ প্ৰয়োজন তাক আমি বিবেকৰ পৰা নিলগত ৰাখো৷
আজিৰ অশান্ত অসম, হত্যা, এনকাউণ্টাৰ, সমজুৱা হত্যা, বলৎকাৰ, ড্ৰাগ্‌ছ, গৰুৰ নামত সাম্প্ৰদায়িক সংঘৰ্ষ, জাতিগত-গোষ্ঠীগত সংঘৰ্ষ, ভাষাগত সংঘৰ্ষ, বাংলাদেশী, বিদেশী, খিলঞ্জীয়া, বাঘ হাজৰিকাৰ নামত সমগ্ৰ অসমীয়াই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপত বিভাজিত হৈ অশান্তি, ভয়, সন্ত্ৰাসৰ মাজত জাতিটো আবদ্ধ হৈ পৰিছে৷ যাৰ কাৰণে সমগ্ৰ অসমীয়া জাতিটো ক্ৰমান্বয়ে দ্ৰুতগতিত বিভাজিত আৰু দুৰ্বল হ’ব ধৰিছে৷ ইয়াৰ মূলতে এই জাতিটোৰ বৈশিষ্ট্যৰ মাজত অধ্যয়নশীলতাটো নাই৷ অধ্যয়নৰ অভাৱত একোটা সাধাৰণ ঘটনা বিশ্লেষণ কৰিবলৈ সামৰ্থ্য নথকা জাতিটোৱে আৰু কি কৰিব? এসপ্তাহৰ পূৰ্বে যোৰহাটৰ ছাত্ৰনেতা এজনক ভুল বুজাৰ বাবে বজাৰৰ মাজত সমজুৱাকৈ সকলোৰে সন্মুখত মাৰি-পিটি হত্যা কৰিলে, একেদৰে সেই ছাত্ৰ নেতাজনৰ হত্যাকাৰী বুলি সন্দেহত আন এজনক আৰক্ষীৰ এনকাউণ্টাৰ, দুবছৰ পূৰ্বে কাৰ্বি আংলঙত দুজন নিৰপৰাধ ব্যক্তিক সন্দেহতে সমজুৱাকৈ হত্যা কৰিলে, গৰু বেপাৰ কৰাৰ বাবে আৰক্ষীৰ এনকাউণ্টাৰক আমি সহজে গ্ৰহণ কৰা, মোগলৰ নামত হিন্দু-মুছলিমৰ সম্প্ৰীতিৰ বিনষ্ট আদিবোৰে জাতিটোৰ অধ্যয়নহীনতাক সূচোৱা নাইনে? আমাৰ সাধাৰণ বিশ্লেষণাত্মক মানসিক সামৰ্থ্য থাকিলে আজিৰ অগ্নিগৰ্ভা অসম এখন কোনোবা সাম্প্ৰদায়িক সংগঠন আৰু ৰাজিনৈতিক দলে মাত্ৰ বিশ-ত্ৰিশজনমান নেতাৰ স্বাৰ্থত সহজে প্ৰায় ৩ কোটি ২০ লাখ জনসংখ্যাৰে পুষ্ট জাতিটোক ৰাজহাড় ভগাকৈ কোব মাৰি থাকিব নোৱাৰিলে হয়৷ যিবোৰ ঘটনা-পৰিঘটনা লৈ অসমীয়াই অনাহকতে অশান্তিত বাস কৰি আছে বা অস্তিত্বৰ সন্মুখীন হৈ আছে, সেইসমূহক সাধাৰণ অধ্যয়নৰ অভ্যাসৰ দ্বাৰা সহজে নিৰাময় কৰিব পাৰি৷ উন্নত জাতিসমূহৰ প্ৰায়বোৰৰ ঘৰতে ক্ষুদ্ৰ হ’লেও একোটা কিতাপৰ লাইব্ৰেৰী থাকে যাৰ প্ৰভাৱত যিমানদিন লাইব্ৰেৰী থাকিব সিমানটা প্ৰজন্মক আলোকিত কৰি ৰাখিব৷ কিতাপৰ আকৰ্ষণ চুম্বকীয় আকৰ্ষণতকৈ শক্তিশালী আৰু তীব্ৰতৰ৷ গৱেষণাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে যিসকলে কিতাপৰ পৰা কোনোধৰণৰ জ্ঞান ল’বলৈ সাহস কৰা নাছিল বা ঘৃণা কৰিছিল একেখিনিয়ে কিন্তু বৈদ্যুতিন মাধ্যম- দূৰদৰ্শন, ৰেডিঅ’, এফ এম ৰেডিঅ’, ফিল্ম আদিৰ লগতে নব্য প্ৰচাৰ মাধ্যম-ফেচবুক, ৱাটছ-এপ, টুইটাৰ, ইউটিউব আদিৰ পৰা শেহতীয়া দশকত দৈনিক প্ৰায় চাৰিৰ পৰা দহ ঘণ্টা পৰ্যন্ত ব্যস্ত থাকে কিন্তু আহৰণ কৰা জ্ঞানে সচেতন মনক প্ৰতিক্ৰিয়া কৰাৰ সক্ষমতা নাই বা আচৰণৰে পৰিৱৰ্তন ঘটাব পৰা নাই৷ তেওঁলোকৰ IQ স্তৰ পূৰ্বৰ দৰে৷ কিন্তু যিসকলে কিতাপ, আলোচনী, বাতৰিকাকত আদিৰ সহায় লয় তেওঁলোকৰ সৃজনীমূলকতাক প্ৰতিটো ক্ষেত্ৰত সক্ৰিয় হৈ থকা দেখা যায়৷
এনেবোৰ চৰিত্ৰৰ বাবে অসমত অসমীয়া ভাষা ২০১১ চনৰ লোকপিয়ল মতে ৪৮ণ, এতিয়া ২০২১ চনৰ লোকপিয়লত [ঘোষণা কৰা নাই] হয়তো ইয়াৰ পৰিমাণ ২০১ পৰা ৩০ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা নোহোৱা নহয়৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অসমীয়া আৰু হিন্দু বাংলাভাষীৰ মাজত সংঘাত তীব্ৰ কৰি তুলিছে৷ অসমীয়া মুছলিমখিনিক বাংলাদেশীৰ উপাধি লগাই হাৰাশাস্তি কৰি অসমীয়া মুছলিম-অসমীয়া হিন্দুৰ মাজত সংঘাত লগাই আছে৷ যদি এই দুয়ো চামে অসমীয়াক মাতৃভাষা ৰূপে নলয়, প্ৰধানকৈ মুছলিমসকলে যাৰ জনসংখ্যা তিনিভাগৰ এক অংশ তেন্তে নি(য় অসমত অসমীয়া ভাষাৰ অস্তিত্ব নিশ্চিহ্ন হ’ব৷ ইয়াৰ সমান্তৰালকৈ অসমীয়া জাতিটো সামগ্ৰিক ৰূপত একাংশ ৰাজনৈতিক ব্যৱসায়ীসকলৰ ব্যক্তিগত মুনাফাৰ বাবে কৰি থকা ষড়যন্ত্ৰ৷ এইসকল অনায়সে আৰু কম সময়তে সাফল্যতা লাভ কৰিছে, কাৰণ অধ্যয়নহীন জাতিটো আৱেগ আৰু প্ৰবৃত্তিৰ ওপৰতে নিৰ্ভৰশীল, বিবেকৰ ওপৰত নহয়৷ পুনৰ নকৈ অসমীয়া জাতিটোক শক্তিশালী ৰূপত সাজি বিশ্বৰ ইতিহাসৰ মাজত একোটা চাপ ৰাখিবলৈ নি(য় অধ্যয়নৰ মানসিকতা গঢ়ি তোলাৰ বাহিৰে আন বিকল্প নাই৷
ফোন ঃ ৮৪৭২০১০৯৫৮

LEAVE A REPLY

Please enter your comment!
Please enter your name here