Home Main Stories অসমত চলিত বৰ্ষত হ্ৰাস পাব ধানৰ উৎপাদন, জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পৰিস্থিতিৰ আগজাননী

অসমত চলিত বৰ্ষত হ্ৰাস পাব ধানৰ উৎপাদন, জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পৰিস্থিতিৰ আগজাননী

195
0

গুৱাহাটী, ২৯ আগষ্ট ঃ বানপানী, গৰাখহনীয়া আৰু ভূমি…লনৰ ফলত অসমৰ কৃষিজীৱী ৰাইজৰ অৱস্থা কাহিল হৈ পৰিছে৷ প্ৰাকৃতিক দুৰ্যোগত ধবংস হৈ পৰা কৃষিভূমিবোৰ পুনৰ কৃষি উপযোগী কৰি তোলাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই৷ ৰাজ্যৰ সৰ্বস্তৰৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে চৰকাৰখনে কৃষিখণ্ডৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও বাস্তৱত উপকৃত হ’ব পৰা নাই কৃষকসকল৷ বিভিন্ন কাৰণত কৃষকৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত নানান প্ৰত্যাহ৩ানে দেখা দিছে৷ বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতিকূলতাৰ বাবে চলিত বৰ্ষত ধানৰ উৎপাদন হ্ৰাস হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ শিলাবৃষ্টি, বান আৰু শেহতীয়াকৈ খৰাংসদৃশ পৰিস্থিতি উৎপাদনমুখী কৃষকৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিছে৷ উল্লেখ্য যে কৃষিপ্ৰধান ৰাজ্য অসমত প্ৰতিবছৰে গড়ে ৫০ লাখ মেট্ৰিকটন ধান উৎপাদন হয়৷ কিন্তু এইবাৰ বানে বৰোধানৰ ব্যাপক ক্ষতিসাধন কৰাৰ পাছত কৃষকৰ বাবে শালিধানৰ খেতিয়েই আছিল ভৰসা৷ কিন্তু শাওণ, ভাদ মাহৰ প্ৰখৰ ৰ’দত পানীৰ অভাৱত পথাৰত ছিঁৰাল ফাট মেলাৰ পাছত কৃষকৰ সেই আশাতো চেঁচাপানী পৰিল৷ ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই বছৰ স্বাভাৱিক পৰিমাণতকৈ বৰষুণৰ হাৰ কম৷ যাৰ ফলত এই বছৰ ধানৰ উৎপাদন হ্ৰাস হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ৰাজ্যৰ নদ-নদী খাল-বিল পুখুৰীৰ খননকাৰ্য কৰিব লাগে৷ এই খননকাৰ্য নকৰিলে দুৰ্যোগ আহিয়েই থাকিব৷ ৰাস্তাবোৰ যদি ওখ কৰি গৈয়েই থাকে দুৰ্যোগৰ সীমা নোহোৱা হ’ব৷ জীয়াই থাকিবলৈ ঠাই নোহোৱা হ’ব৷ ঘৰ, পথাৰবোৰ তললৈ যাব আৰু নদ-নদীবোৰ ওপৰলৈ আহিব আৰু তেতিয়া জীয়াই থকাৰ উপায়েই বা কি থাকিব৷ চৰকাৰে পৰিকল্পনা কৰিব লাগে নদ-নদীৰ খননকাৰ্য৷ মথাউৰি মানুহৰ ঘৰ তল যোৱাকৈ আৰু ৰাস্তা অতিমাত্ৰা ওখ কৰা আদি কাৰ্য পুনৰ বিবেচনা কৰা দৰকাৰ৷ উল্লেখ্য যে অসমত ২০১৭-১৮ বৰ্ষত ধানৰ উৎপাদন আছিল ৫২.৮৪ লাখ মেট্ৰিকটন৷ সেইদৰে ২০১৮-১৯ বৰ্ষত ৫২.২১ লাখ মেট্ৰিকটন, ২০১৯-২০ বৰ্ষত ৪৯.৮৫ লাখ মেট্ৰিকটন আৰু ২০২০-২১ বৰ্ষত ৫২.৫৫ লাখ মেট্ৰিকটন ধান ৰাজ্যখনত উৎপাদন হৈছিল৷ অৰ্থাৎ অসমৰ বছৰি ধানৰ গড় উৎপাদন প্ৰায় ৫০ লাখ মেট্ৰিকটন৷ এইবাৰ শিলাবৃষ্টিয়ে তৈল আৰু মাহজাতীয় শস্যৰ ব্যাপক ক্ষতিসাধন কৰাৰ পাছত কৃষকে বৰোধানৰ খেতি উৎসাহেৰে কৰিছিল যদিও এই বছৰ হোৱা দুটাকৈ বানত ৮৫,৫১৪ হেক্টৰ বৰোধানৰ খেতি নষ্ট হয় যাৰ ফলত কৃষিপ্ৰধান ৰাজ্যখনৰ জ্জ্ব,৪৫,৪৩৪টা কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হয়৷ কৃষি বিভাগৰ তথ্য মতে, ৩০,৩৫৭ হেক্টৰ এলেকাৰ পাচলি, ৩০০৬ হেক্টৰ এলেকাৰ ফল-মূল আৰু ৰ,৬৭৩ হেক্টৰ এলেকাৰ কুঁহিয়াৰ খেতি এইবাৰৰ বানত সম্পূৰ্ণৰূপে নষ্ট হয়৷ বানৰ পাছত শালিধানৰ খেতিৰ বাবে নিজাববীয়াকৈ কৃষকসকল সাজু হোৱাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগেও ১৯,৫৮ঙ্ম হেক্টৰ মাটিত শালিধান ৰুব পৰাকৈ ৰ,৯৫৮ হেক্টৰ মাটিত আৰ কে ভি ৱাই আঁচনিৰ অধীনত ধানৰ কঠীয়া সিঁচিছিল৷ শিলাবৃষ্টি আৰু বানে ক্ষতি কৰা শস্যৰ উৎপাদনৰ জোৰা মাৰিব পৰাকৈ কৃষকৰ লগতে চৰকাৰে প্ৰচেষ্টা চলাইছে যদিও বৰষুণৰ অভাৱত কৃষকে ধান ৰুব পৰা নাই৷ আনহাতে, কৃষকৰ পথাৰত নাই জলসিঞ্চনৰ ব্যৱস্থা৷ বগাহাতীত পৰিণত হোৱা অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগটো এতিয়া এচাম বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ ধনসিঞ্চন বিভাগলৈহে পৰ্যবসিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here