Home Main Stories ডিমা হাছাওত অবৰ্ণনীয় পৰিস্থিতি অব্যাহত: বৰাক উপত্যকা, ডিমা হাছাও, কাৰ্বি আংলঙত ৰেড...

ডিমা হাছাওত অবৰ্ণনীয় পৰিস্থিতি অব্যাহত: বৰাক উপত্যকা, ডিমা হাছাও, কাৰ্বি আংলঙত ৰেড এলাৰ্ট জাৰি ৰাজ্যৰ ২০ জিলাত বানৰ তাণ্ডৱ ২১ মে’লৈ ৰাজ্যত হ’ব প্ৰৱল বৰষুণ, বানত বুৰি নিহত দুই

135
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ মে’ ঃ ৰাজ্যত শেষ ব’হাগতে আৰম্ভ হৈছে প্ৰথমটো বান৷ বৰাইল পাহাৰৰ সেউজীয়া প্ৰকৃতিৰ ৰাণীসদৃশ ডিমা হাচাও প্ৰাকৃতিক দুৰ্যোগত তচ্‌নচ্‌ হৈ যোৱাৰ পিছতো ডিমা হাচাওৰ পৰিস্থিতি উন্নত হোৱা নাই৷ বিগত তিনিটা দিন ধৰি হাফলঙৰ সৈতে সকলো যোগাযোগ ব্যাহত হৈ পৰিছে৷ ধল পানী আৰু ভূমি¦খলনৰ ফলত বোকাত পোত গৈছে দেশৰ ভিতৰতে আটাইতকৈ ধুনীয়া বুলি পৰিচিত নিউ হাফলং ৰে’ল ষ্টেচন সম্প্ৰতি বোকা-পানীত গৈছে৷ দুটা দিন ধৰি বৰষুণ হ্ৰাস হৈছে যদিও ঠায়ে ঠায়ে ভূমি¦খলন অব্যাহত আছে৷ ইপিনে, ডিমা হাচাও, কাৰ্বি আংলং আৰু বৰাক উপত্যকাৰ বাবে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ গৈ আছে৷ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা অনুসৰি আগন্তুক ২৪ ঘণ্টাত বৰাক, ডিমা হাচাও, কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চল আৰু মেঘালয়ত প্ৰবল হাৰত বিজুলী গাজনিৰে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বৰঝাৰস্থিত বতৰ বিজ্ঞান প্ৰতিষ্ঠানে এই অঞ্চলসমূহক ৰেড জ’ন হিচাপে ঘোষণা কৰিছে৷ তদুপৰি অসমৰ অন্যান্য জিলাসমূহতো ২১ মে’লৈকে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ এনে অৱস্থাত ডিমা হাচাওত উদ্ধাৰ অভিযানত ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত৷ আনহাতে, সাময়িকভাৱে ডিমা হাচাওৰ লোকসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও পুনৰ প্ৰবল হাৰত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা জাগি উঠাত ৰুষ্ট প্ৰকৃতিৰ সৈতে পুনৰ মোকাবিলা কৰিব লাগিব৷ ইপিনে, ডিমা হাচাওৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে৷ পাহাৰীয়া জিলাখনত মাইবং, লাংটিং, হাতীখালী আদি অঞ্চল ভ্ৰমণ কৰে নোমল মমিনে৷ ইপিনে, কাৰ্বি পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে নগাঁও আৰু হোজাই অঞ্চলত প্ৰবল বানৰ সৃষ্টি কৰিছে৷ কপিলী, কলং নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত কামপুৰ, হোজাই, লংকা, ডবকা, ৰহা আদি অঞ্চলত জলপ্ৰলয় ঘটিছে৷ আনহাতে, ভূটান আৰু অৰুণাচলত হোৱা বৰষুণৰ বাবে ৰাজ্যৰ আনবোৰ জিলাতো বানৰ সৃষ্টি হৈছে৷ এতিয়ালৈকে ৰাজ্যৰ বিশখন জিলাত বানে সংহাৰী ৰূপধাৰণ কৰিছে৷ বজালী, বাগ্‌সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাচাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোক্‌ৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি জিলাত ৪৬টাকৈ ৰাজহ চক্ৰ বানৰ কবলত পৰিছে৷ এতিয়ালৈকে ৰাজ্যত ৬৫২খন গাঁৱৰ ৯২,১১৯জন লোক বানৰ কবলত পৰিছে৷ আনহাতে, আজি কাছাৰত দুজন লোকৰ বানৰ বাবে মৃত্যু ঘটে৷ আনহাতে, এতিয়ালৈকে দুটি শিশুসহ তিনিজন লোক সন্ধানহীন হৈ আছে৷ বানৰ ফলত বিশ্বনাথত তিনিটা, দৰঙত দুটা, হোজাইত তিনিটা, লখিমপুৰত দুটা, নলবাৰীত এটা, শোণিতপুৰত এটা আৰু ওদালগুৰিত চাৰিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে৷ একেদৰে বানৰ বাবে বজালীত এটা, বৰপেটাত এটা, বিশ্বনাথত তিনিটা, কাছাৰত দুটা, দৰঙত সাতটা, হাইলাকান্দিত ছটা, হোজাইত চাৰিটা, কৰিমগঞ্জত চাৰিটা, নগাঁৱত চাৰিটা, নলবাৰীত দহটা, শোণিতপুৰত এটা, ওদালগুৰিত ষোল্লটা, সৰ্বমুঠ ৫৯টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে৷ আনহাতে, ৰাজ্যত ছখনকৈ দলং বানৰ বাবে উটি গৈছে৷ ইয়াৰে বাগ্‌সাত এখন, কাছাৰত এখন, দৰঙত এখন, নলবাৰীত এখন আৰু তামুলপুৰত দুখন দলং উটি গৈছে৷ বিগত ২৪ ঘণ্টাত ডিমা হাচাওৰ হাফলং, বড়ো হাফলং, মাইবং, ল’ডি, মহাদেৱ টিলা, মলহয়, চুম্পিযাং, নিউ গুনজুং আদি অঞ্চলত ভূমি¦খলন সংঘটিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here