Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক’ভিড শেষ হ’লেই ‘কা’ বলবৎ ,পশ্চিমবংগত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

ক’ভিড শেষ হ’লেই ‘কা’ বলবৎ ,পশ্চিমবংগত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

403
0


কলকাতা,৫ মে’ ঃ
ভাৰতত ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পিছতেই দেশজুৰি বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন৷ আজি দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে ক’ভিড অন্ত পৰাৰ লগে লগে ‘কা’ বলৱৎ হ’ব৷ যি সময়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি উত্তৰ-পূবৰ আন দল-সংগঠনসমূহে ‘কা’ বাতিল কৰিবলৈ দাবী জনাই আহিছে, তেনে সময়তেই সেই দাবীক আওকাণ কৰি অমিত শ্বাহে পশ্চিম বংগত আজি এই ঘোষণা কৰে৷ পশ্চিম বংগ ভ্ৰমণৰ বাবে আজি উপস্থিত হোৱা অমিত শ্বাহে চিলিগুৰি ৰে’লৱে স্প’ৰ্টছ খেলপথাৰত এখন জনসভাত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ লক্ষ্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে৷ তেওঁ কয়– মমতা বেনাৰ্জীয়ে তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পিছত আশা কৰা হৈছিল যে তেওঁৰ কিছু পৰিৱৰ্তন হ’ব৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁৰ পৰিৱৰ্তন নহ’ল৷ তেওঁ কয়– যেতিয়ালৈ মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ পৰা দুৰ্নীতি, ছিণ্ডিকেট, জনতাৰ ওপৰত অত্যাচাৰ চলোৱা কাৰ্য বন্ধ নকৰে, তেতিয়ালৈ বিজেপিয়ে তেওঁৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব৷ মানৱ অধিকাৰ সংগঠনেও স্বীকাৰ কৰিছে যে পশ্চিম বংগত আইনী শাসন নাই৷ যিয়ে শাসন কৰিছে, তেওঁলোকৰ নিজৰ ইচ্চাতহে শাসন চলি আছে৷ তদুপৰি তেওঁ কয় যে তৃণমূল কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে যে বাস্তৱ ক্ষেত্ৰত ‘কা’ বলৱৎ নহয়৷ ইয়াৰ পৰাই কৈছোঁ যে ক’ভিড অন্ত পৰাৰ পিছতেই ‘কা’ বলৱৎ হ’ব৷ পশ্চিম বংগত অনুপ্ৰৱেশকাৰী ৰোধ হ’ব৷ উল্লেখ্য যে গৃহমন্ত্ৰীৰ এনে বক্তব্যৰ পিছত মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বাস্তৱিকতে যদি ‘কা’ বলৱৎ কৰিব বিচাৰিছে, ইয়াক লৈ সংসদত কিয় চৰ্চা হোৱা নাই৷ মই নিবিচাৰোঁ কোনো ভাৰতীয় নাগৰিকৰ অধিকাৰ নাইকিয়া হোৱা৷ ২০২৪ত বিজেপি ক্ষমতালৈ নাহে৷ এবছৰৰ পিছত তেওঁ পশ্চিম বংগলৈ আহিছে আৰু বিভ্ৰান্তিকৰ মন্তব্য কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here