Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে গৰ্ভৱতী মহিলা- বিশেষভাৱে সক্ষম লোক- কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ...

চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে গৰ্ভৱতী মহিলা- বিশেষভাৱে সক্ষম লোক- কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ ঘোষণা

156
0


নতুন দিল্লী, ৯ জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দেওবাৰে প্ৰকাশ কৰিছে যে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভৱতী মহিলা আৰু শাৰীৰিকভাৱে সক্ষম লোকসকলক কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা সকাহ প্ৰদান কৰা হৈছে৷ তেওঁলোকক কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা সকাহ প্ৰদান কৰা হৈছে যদিও ঘৰৰ পৰাই কাম-কাজ চলাই নিব লাগিব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে সময়ছোৱাত এই নিৰ্দেশ জাৰি কৰিছে যিসময়ত ক’ভিডে পুনৰ আতংকসদৃশ পৰিৱেশৰ সূচনা কৰিছে৷ আক্ৰান্তৰ সংখ্যা পুনৰাই দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোৰোনা হটস্পট অঞ্চলসমূহত থকা কৰ্মচাৰী আৰু বিষয়াসকলক কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা সকাহ প্ৰদান কৰিছে৷ এই কৰ্মচাৰীসকলে সেই সময়ছোৱালৈ ঘৰৰ পৰাই কাম-কাজ চলাই নিব যেতিয়ালৈ অঞ্চলটোত ক’ভিড সংক্ৰমণ হ্ৰাস নাপায়৷ ইয়াৰ উপৰি কাৰ্যালয়সমূহত কৰ্মচাৰীৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি উল্লেখ কৰি কয় যে আন ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম-কাজ চলাই নিব৷ উল্লেখ্য যে ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাবিয়াই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here