Home অসম ই- শ্ৰম কাৰ্ড পঞ্জীয়ন শিবিৰ মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী: মৰিয়নিবাসীয়ে...

ই- শ্ৰম কাৰ্ড পঞ্জীয়ন শিবিৰ মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী: মৰিয়নিবাসীয়ে শীঘ্ৰেই পাব পাইপ গেছৰ সংযোগ

31
0


গণ বাৰ্তা, মৰিয়নি, ২৪ নৱেম্বৰ :
কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ ৫১১ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি মৰিয়নিত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি মৰিয়নি নগৰৰ ঘৰুৱা পাইপ গেছৰ পাইপ লাইন সংযোগ প্ৰকল্প উদ্বোধন কৰাৰ লগতে ই-শ্ৰম কাৰ্ডৰ পঞ্জীয়ন শিবিৰ মুকলি কৰে৷ মৰিয়নি মহাবিদ্যালয়ৰ কলা শাখাৰ প্ৰাংগণত আজি পাইপ গেছৰ ঘৰুৱা সংযোগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে তেল আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দ৫১১ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত অসংগঠিত শ্ৰমিকসকলৰ বাবে ই-শ্ৰম কাৰ্ড প্ৰদানৰ বাবে শ্ৰমিকৰ পঞ্জীয়ন শিবিৰৰো ফিতা কাটি মুকলি কৰে৷ সেই উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন সভা অনুষ্ঠিত কৰা হয়৷ শ্ৰম বিভাগ আৰু অসম গেছ কোম্পানী লিমিটেডৰ সভাখনত বক্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় – মৰিয়নিবাসীয়ে শীঘ্ৰে ঘৰে ঘৰে পাইপ গেছৰ সুবিধা লাভ কৰিব৷ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰে সৰু চহৰসমূহত পাইপ গেছৰ ঘৰুৱা সংযোগ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে৷ ইয়াৰ বাবে দিবলগীয়া ধনৰ ক্ষেত্ৰতো যথেষ্ট শিথিলতা আনিছে৷ যাতে সকলো লোকেই ঘৰুৱা পাইপ গেছৰ সুবিধা ল’ব পাৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে মৰিয়নিত দুই-এদিনতে ঘৰুৱা পাইপ গেছৰ লাইনৰ সংযোগ দিয়াৰ কাম আৰম্ভ হ’ব বুলিও উল্লেখ কৰে৷ তেওঁ লগতে কয় যে অসমত ঘৰুৱা পাইপ গেছৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গেছ নাই৷ সেইবাবে অসমৰ বাহিৰৰ পৰা প্ৰয়োজনীয় গেছ অনাৰ প্ৰস্তুতি চলাই থকা হৈছে৷ ইয়াৰ বাবে পূৰ্ব ভাৰতী নামেৰে এক অনুষ্ঠানো গঢ়ি তোলা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে৷ ব্ৰহ্মপুত্ৰৰ সিপাৰৰ লোকৰ লগতে চাহ বাগিচা আৰু অন্যান্য উদ্যোগসমূহতো যাতে গেছ যোগান ধৰিব পৰা যায় তাৰ ব্যৱস্থা অতি সোনকালে কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে মন্তব্য কৰে৷ উল্লেখযোগ্য যে ঘৰুৱা পাইপ গেছৰ সংযোগৰ বাবে ৫০০ টকাৰে আবেদন কৰিব লাগিব৷ মাত্ৰ ৫০০ টকা প্ৰদান কৰিলেই হ’ব৷ ইয়াৰ বাদে প্ৰতিগৰাকী গ্ৰাহকে মাহে ৯০ টকাকৈ দহ বছৰৰ বাবে মাহেকীয়া কিস্তি হিচাপত টকা আদায় দিব লাগিব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিয়ে৷ মৰিয়নিবাসীয়ে দীৰ্ঘদিনৰ পৰা ঘৰুৱা পাইপ গেছৰ সংযোগৰ বাবে দাবী জনাই আহিছিল৷ আজিৰ এই ঘোষণাই মৰিয়নিবাসীক আনন্দিত কৰি তুলিছে৷ ইফালে, ই-শ্ৰম কাৰ্ডৰ পঞ্জীয়ন শিবিৰ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ ৩৮ কোটি অসংগঠিত শ্ৰমিক লোকক এই কাৰ্ডৰ জৰিয়তে সামৰি লোৱা হ’ব৷ ইতিমধ্যে জ্ঝ কোটি তেনে লোকক কাৰ্ড প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে৷ অসমৰ এক কোটি লোককো ই-শ্ৰম কাৰ্ড প্ৰদানৰ লক্ষ্য কৰি লোৱা হৈছে৷ মৰিয়নি সমষ্টিৰ অতিকমেও দহ হাজাৰ তেনে লোকৰ কাৰ্ড বনাই পঞ্জীয়ন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷ আনহাতে, পঞ্জীয়নভুক্ত অসংগঠিত শ্ৰমিকৰ দুই লাখ টকাৰ বীমা হ’ব৷ দুৰ্ঘটনাত মৃত্যু হ’লে তেওঁৰ পৰিয়ালে দুই লাখ টকা লাভ কৰাৰ বিপৰীতে আহত হ’লে এক লাখ টকালৈকে লাভ কৰিব তেনে পঞ্জীয়নভুক্ত অসংগঠিত শ্ৰমিকে৷ এই কাৰ্ডৰ বাবে ১৪ বছৰৰ পৰা ৫৯ বছৰ বয়সৰ লোকে বনাব পাৰিব৷ উল্লেখযোগ্য যে অসংগঠিত শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তা প্ৰদানৰ বাবে এক ৰাষ্ট্ৰীয় তথ্যকোষ প্ৰস্তুত কৰি থকা হৈছে আৰু ইতিমধ্যে যোৰহাট জিলাত প্ৰায় ৩৬,৭০০গৰাকী তেনে লোকক পঞ্জীয়নভুক্ত কৰা হৈছে৷ শীঘ্ৰে বাকী থকা তেনে লোকৰো পঞ্জীয়ন কৰা হ’ব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিছে৷ ইয়াৰ পূৰ্বে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণী ভাষণ দিয়া সভাখনত শলাগৰ শৰাই আগবঢ়ায় মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ সভাখনত অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, মাৰ্কেটিং মহাপ্ৰবন্ধক মনোজ বৰুৱা, যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্তয়ো বক্তব্য প্ৰদান কৰে৷ তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ জ্যেষ্ঠ প্ৰবন্ধক মনোজ কুমাৰ বৰদলৈ, ডিব্ৰুগড় বিমানবন্দৰ প্ৰাধিকৰণৰ সদস্য সত্যনাৰায়ণ আগৰৱালা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ হৰেন শইকীয়া, মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত আদি উপস্থিত থকা সভাখনত আজি পঞ্জীয়ন কৰা বহুকেইজন অসংগঠিত শ্ৰমিকক ই-শ্ৰম কাৰ্ড প্ৰদান কৰা হয়৷ এওঁলোকক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ আন আমন্ত্ৰিত অতিথিসকলে ই-শ্ৰম কাৰ্ড প্ৰদান কৰে৷ ইফালে ই-শ্ৰম কাৰ্ড পঞ্জীয়ন শিবিৰত আজি কেইবাশতাধিক লোকে নাম পঞ্জীয়ন কৰে৷ লক্ষণীয় যে ৰামেশ্বৰ তেলীয়ে মৰিয়নিত প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here