Home অসম মাজুলীৰ ৰাস মহোৎসৱত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলীৰ ৰাস মহোৎসৱত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

40
0

পৰাণজ্যোতি বৰা, মাজুলী, ২০ নৱেম্বৰ ঃ ৰাস মহোৎসৱে জীপাল কৰি তুলিছে নদীদ্বীপ মাজুলী। কৃষ্ণৰ বাঁহীৰ সুৰত বৃন্দাবনলৈ পৰ্যৱসিত মাজুলী। আজি মাজুলীৰ ৰাস মহোৎসৱৰ তৃতীয় দিনা নদীদ্বীপত ৰাস উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকসকলে ভিৰ কৰিছে। মাজুলীৰ ৰাস মহোৎসৱেৰে প্ৰাণৱন্ত হৈ উঠা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে ১৯ তাৰিখৰ সন্ধ্যা মাজুলীত ৰাস মহোৎসৱ অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মাজুলীত আহি উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে শ্ৰীশ্ৰী অনিৰুদ্ধ কৃষ্টি সংঘৰ উদ্যোগত আৰু বৃহত্তৰ শেনচোৱা আঞ্চলিক ৰাইজৰ সহযোগত আয়োজিত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদ্‌যাপন অনুষ্ঠানত উপস্থিত হৈ ৰাইজৰ উমাল মৰম-আশীৰ্বাদ শিৰত তুলি ল’বলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰাৰ লগতে পৰম ব্ৰহ্মাৰ পূৰ্ণাৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টিত আমাৰ সমাজখন অধিক সৰ্বাংগসুন্দৰ আৰু সমৃদ্ধিশালী হৈ উঠক, এই পৱিত্ৰ ক্ষণত তাৰেই কামনা কৰিছোঁ বুলি মন্তব্য কৰাৰ লগতে কয় ৰাস মহোৎসৱ কেৱল আধ্যাত্মিক অনুষ্ঠানেই নহয়, এয়া সমন্বয় আৰু ভাতৃত্ববোধৰ যুগমীয়া চানেকি বুলি কয়। ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্য আৰু গুণ-গৰিমাৰে উদ্ভাসিত এই পৱিত্ৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে মানৱ প্ৰেম আৰু আমাৰ চহকী সভ্যতা-সংস্কৃতিৰ গূঢ়াৰ্থ। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালেএনে এক ভক্তিময় পৰিৱেশৰ মাজতে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস মহোৎসৱত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত অংশগ্ৰহণ কৰি ৰাস দৰ্শন কৰি সোণোৱালে এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় আনন্দ অনুভৱ কৰিছোঁ। শ্ৰীকৃষ্ণময় হৈ পৰা এইহেন মধুৰ ক্ষণত প্ৰভুৰ একান্ত ভক্ত হিচাপে মন-প্ৰাণ জীপাল হৈ পৰিল। সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে পৰম ব্ৰহ্মাৰ পূৰ্ণাৱতাৰৰ শ্ৰীচৰণত মই নতশিৰে সেৱা জনাইছোঁ বুলি উল্লেখ কৰে। সোণোৱালৰ এই সময়ছোৱাত অসম চৰকাৰৰ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই সংগ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here