Home Uncategorized ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এ’প্ৰেছ হাইওৱে নিৰ্মাণৰ কথা নাজানে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী...

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এ’প্ৰেছ হাইওৱে নিৰ্মাণৰ কথা নাজানে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে

123
0

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ ছেপ্টেম্বৰ ঃ অসমবাসীৰ বহু প্ৰত্যাশিত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়ে গমকে নাপায় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তেজপুৰস্থিত উত্তৰপূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ ‘নেৰিৱালম’ৰ  সভাপতিৰ দায়িত্ব বহন কৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি প্ৰথমবাৰৰ পৰিদৰ্শন কৰে গৱেষণামূলক প্ৰতিষ্ঠানটো। প্ৰকাশ যে  ২০১৭ চনত তদানীন্তন কেন্দ্ৰীয় পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল । এই সন্দৰ্ভত কালি তেজপুৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্বেখাৱটক সাংবাদিকে সোধা প্ৰশ্নোত্তৰত বিষয়টোৰ সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰি সংশ্লি­ষ্ট বিভাগেহে জানিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তদুপৰি, শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সমাপ্ত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰাৰ লগতে চীনে ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে আৰু তাত কেন্দ্ৰীয় চৰকাৰে সতৰ্ক দৃষ্টি ৰখা বুলিও কয়। উল্লেখ্য যে তেজপুৰস্থিত প্ৰতিষ্ঠানটো পৰ্যবেক্ষণ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰি ৰজা জয়মাল ৰাথোৰৰ নামত ডাক টিকটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স’তে নেৰিৱালমত উপস্থিত হোৱা সাংসদ কামাখ্যা প্ৰসাদ তাছাই এক্সপ্ৰেছ হাইৱে সন্দৰ্ভত কৌশলপূৰ্ণ মন্তব্য কৰি কয় যে এসময়ত আমি আমাৰ ধাৰণাসমূহ দাঙি ধৰিছিলোঁ ৰাইজৰ সন্মুখত। এই ধাৰণাসমূহ এদিন কাৰ্যকৰী কৰা হ’ব। কিন্তু কালি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে বিষয়টোত অজ্ঞতা প্ৰকাশ কৰাৰ সন্দৰ্ভত সাংসদ তাছাই ৰাজ্য চৰকাৰে নিশ্চিতভাৱে পৰিকল্পনাটোৰ বিষয়ে কেন্দ্ৰক অৱগত কৰিব বুলি কয়। সাংসদগৰাকীয়ে প্ৰসংগক্ৰমে অখিল গগৈ মূৰৰ কামোৰণি হোৱাৰ প্ৰশ্নই নুঠে, অখিল গগৈ কোনোকাৰণতে ফেক্টৰ নহয় বুলি মন্তব্য কৰে। ৰাইজৰ দলৰ শীৰ্ষনেতা তথা বিধায়ক অখিল গগৈ সন্দৰ্ভত এনেদৰে মন্তব্য কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই আগন্তুক উপ-নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনতে জয়লাভ কৰাটো লিশ্চিত বুলি দাবী কৰে। তাছাই কংগ্ৰেছী পদত্যাগী বিধায়ক বিশ্বাসঘাতক হ’ব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে মৰিয়নি-থাওৰা এই দুই সমষ্টি বিজেপিৰ দখলতে আছে বুলি উল্লেখ কৰি ৰাইজে বিজেপিকে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰে। তদুপৰি কংগ্ৰেছে এখনো আসন নাপায় বুলি উল্লেখ কৰি তাছাই অনাগত দিনত কংগ্ৰেছক কোনেও ফেক্টৰ হিচাপে সৃষ্টি কৰিব নোৱাৰে বুলি দাবী কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here