Home প্ৰৱন্ধ মৃগেন্দ্ৰ লহকৰৰ গ্ৰন্থ ‘তিনি দশকৰ পত্ৰ-লেখা’ উন্মোচন

মৃগেন্দ্ৰ লহকৰৰ গ্ৰন্থ ‘তিনি দশকৰ পত্ৰ-লেখা’ উন্মোচন

426
0

গুৱাহাটী, ১৯ এপ্ৰিল : প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে লেখক মৃগেন্দ্ৰ লহকৰৰ গ্ৰন্থ ‘তিনি দশকৰ পত্ৰ লেখা’ উন্মোচন কৰে৷ প্ৰগতিশীল মঞ্চৰ উদ্যোগত ভেটাপাৰাৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত দেওবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে গ্ৰন্থখন৷ প্ৰগতিশীল মঞ্চৰ সভাপতি জগন্নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক তথা ভেটাপাৰা নিৱাসী ধীৰেন শৰ্মা৷ গ্ৰন্থখন উন্মোচন কৰি চক্ৰৱৰ্তীয়ে কয় যে এইখন কিতাপ হৈছে এখন সমসাময়িক বুৰঞ্জী৷ তিনি দশক ধৰি সম্পাদকলৈ লিখা চিঠিসমূহ যুগুত কৰি প্ৰস্তুত কৰা এইখন হয়তো ভাৰতবৰ্ষৰ তথা অসমৰ প্ৰথমখন গ্ৰন্থ৷ এইখন গ্ৰন্থ অধ্যয়ন কৰিলে পাৰ হৈ যোৱা বহুকেইটা বছৰৰ এক সম্যক জ্ঞান পোৱা যাব৷ এই কিতাপখন ৰাইজলৈ মুকলি কৰি দিয়াৰ বাবে লেখক লহকৰ ধন্যবাদৰ পাত্ৰ৷ বিশিষ্ট অতিথি ধীৰেন শৰ্মাই তেখেতৰ ভাষণত উল্লেখ কৰে যে সামাজিক সমস্যাসমূহ প্ৰতিষ্ঠা হোৱা এই কিতাপখনৰ গুৰুত্ব যথেষ্ট বেছি৷ লেখকৰ সাহিত্যিক জীৱনৰ আৰম্ভ হওক বুলি কামনা কৰিলোঁ৷ অনুষ্ঠানত লেখক লহকৰে কয় যে মই তিনি দশক ধৰি বিভিন্ন বাতৰি কাকতৰ সম্পাদকলৈ লিখা চিঠিসমূহ সংগ্ৰহ কৰি গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰগতিশীল মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি ভবেন বৰা, ভেটাপাৰা জেষ্ঠ্য নাগৰিক উন্নয়ন সমিতিৰ সভাপতি গণেশ চন্দ্ৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখকৰ জ্যেষ্ঠ ভাতৃ নৰেন্দ্ৰ লহকৰ, বৃহত্তৰ ভেটাপাৰা দুৰ্গা পূজা উন্নয়ন সমিতিৰ সভাপতি নগেন চৌধুৰী, ভেটাপাৰা ৰঙালী বিহু সন্মিলনীৰ সভাপতি ভগৱান চন্দ্ৰ হালৈ৷ প্ৰগতশীল মঞ্চৰ সম্পাদক মিলন বড়োৱে আঁত ধৰা অনুষ্ঠানটোত সৰস্বতি বন্দনা পৰিৱেশন কৰে ঋষিতা চহৰীয়া আৰু আকাংক্ষা কলিতাই৷ মঞ্চত উপৱিস্ত বিশিষ্ট ব্যক্তিসকলক এখন ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে এটি গছপুলিও উপহাৰ হিচাপে আগবঢ়োৱা হয়৷ লেখক লহকৰ হৈছে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here