গণবাৰ্তা, যোৰহাট ৭ ডিচেম্বৰ: অসমৰ এগৰাকী মনশীল লেখক, চিন্তাবিদ অৰূপ কুমাৰ গোস্বামীৰ বিভিন্ন কাকত,আলোচনীত পূৰ্ব-প্ৰকাশিত প্ৰবন্ধৰ সংকলন ‘”কেতিয়া কেনেকৈ’ ধী আৰু চেতনাৰ নতুন উদয়'” আজি যোৰহাটৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান’ সংস্কৃতিৰ কাৰ্যালয়ত উন্মোচন কৰা হয়।সংস্কৃতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ খনি উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক কিশোৰ গোস্বামীয়ে।সংস্কৃতি প্ৰকাশনৰ স্বত্বাধিকাৰ চৈয়দ আব্দুল পাৰভিজ হুছেইনে আঁত ধৰা অনুষ্ঠানটিত গ্ৰন্থ খনিৰ লেখক অৰূপ কুমাৰ গোস্বামীয়ে গ্ৰন্থখনিত সন্নিবিষ্ট প্ৰবন্ধ সমূহৰ ৰচনাৰ পটভূমি ব্যক্ত কৰে।উন্মোচন কিশোৰ গোস্বামীয়েও গ্ৰন্থখনি চিন্তাশীল পাঠক সমাজে আগ্ৰহেৰে আদৰি লব বুলি আশা প্ৰকাশ কৰিছে।এই মনোজ্ঞ্য অনুষ্ঠানটিত এলিজা বেগম ,ড0 ৰঞ্জন ভট্টাচাৰ্য, বেদান্ত পূজাৰী, নৱনীতা নেওগ শইকীয়া, আৰেছা বেগম, ৰুম গোস্বামী, আৰতি গোস্বামী, মৃদুমণি ফুকন, আৰাধনা চৌধুৰী, ড0 ৰাজশ্ৰী হাজৰিকা, মেঘালী গগৈ,সাংবাদিক নেকিব আহমেদ, উত্তম কুমাৰ বৰদলৈ, চৈয়দা হবিবা আজ্ঞুম ,হেমন্ত জ্যোতি গগৈ প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আৰু লেখক তথা উন্মোচকৰ সৈতে মন বিনিময় কৰে উক্ত অনুষ্ঠানত।