Home স্থানীয় পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ শিশু পুথিভঁৰাল উন্মোচন

পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ শিশু পুথিভঁৰাল উন্মোচন

22
0

আৰিফ আহমেদ, তামুলপুৰ, ২৬ মে : যোৱা ১৩ , ১৪ মাৰ্চ ২০২১ ইং তাৰিখে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেতেলীগুৰি-কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী/মাইনাওঁ পূজাস্থলীত শিশুৰ বাবে এটা শিশু পুথিভঁৰাল স্থাপনৰ কথা উল্লেখ কৰিছিল আৰু সেইমৰ্মে আজি উক্ত ক্ষেত্ৰত পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই কোভিড প্ৰটোকল মানি শিশু পুথিভঁৰালটো পৰিচালনা সমিতি আৰু স্থায়ী সমিতিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ উক্ত শিশু পুথিভঁৰালটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে যুৱ সাহিত্য অকাডেমী বটা বিজয়ী বিশিষ্ট কবি দ্বিজেন কুমাৰ দাসে ৷ পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ সম্পাদক পল্লৱ কলিতাই আটধৰা উন্মোচনী অনুষ্ঠানত অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সোণেশ্বৰ কলিতা, বাকসা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ডুলুজিৎ দাস ,বাকসা জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কুমুদ ডেকা,প্ৰাক্তন আছু নেতা নৃপেন বৰা, হৰিনাৰায়ন কলিতা,তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাঞ্জল দাস ,পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ সভাপতি সজ্ঞয় পাঠক, শিক্ষাগুৰু বসন্ত কলিতাক, স্থানীয় গাওঁবুঢ়া নিবাৰণ তালুকদাৰ,বিপুল চন্দ্ৰ লহকৰ,যোগেন স্বৰ্গীয়াৰী, নাৰায়ণ কলিতাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here