Home অসম উৰুকাৰ নিশা সান্ধ্য আইনত শিথিলতা, ১৫ জানুৱাৰীৰ পিছত দুয়োপালি ভেকচিন নোলোৱা কৰ্মচাৰীৰ...

উৰুকাৰ নিশা সান্ধ্য আইনত শিথিলতা, ১৫ জানুৱাৰীৰ পিছত দুয়োপালি ভেকচিন নোলোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত প্ৰৱেশ নিষেধ

119
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জানুৱাৰী: উৰুকাৰ নিশা ৰাজ্যবাসীক ভোজ-ভাত খোৱাৰ সুবিধা কৰি দিছে ৰাজ্য চৰকাৰে৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুকাৰ নিশা সান্ধ্য আইনত শিথিলতা প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে৷ উল্লেখ্য যে ৰাজ্যত ক’ভিডৰ ঢৌ আৰম্ভ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে৷ ইতিমধ্যে ক’ভিড বিধি বলৱৎ কৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ কৰিছে ৰাজ্য চৰকাৰে৷ আনহাতে, দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান ৯ জবজালৈ খোলা ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে৷ এনে অৱস্থাত ভোগালী বিহু আহি পৰাত বিভিন্ন লোকে উৰুকাৰ নিশা সান্ধ্য আইনত শিথিলতা প্ৰদান কৰিবলৈ আহ্বান জনাই আহিছিল৷ বিশেষকৈ উৰুকাৰ নিশাৰ ভোজ-ভাত খোৱাৰ পৰ্ব অব্যাহত ৰখাৰ ক্ষেত্ৰত সান্ধ্য আইনে বিধি পথালি দিব বুলি বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ উল্লেখ্য যে ৰাজ্যবাসীৰ এই দাবীক সন্মতি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুকাৰ নিশা সান্ধ্য আইনত শিথিলতা প্ৰদান কৰাৰ কথা আজি ঘোষণা কৰে৷ উৰুকাৰ নিশা ১১ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব৷ আনহাতে, উৰুকাৰ দিনা পুৱা ৪ বজাতে সান্ধ্য আইন ভংগ হ’ব৷ উল্লেখ্য যে উৰুকাৰ দিনা পুৱাই মাছৰ বজাৰত মাছ ক্ৰয় কৰি ভোজ-ভাত খোৱাটো এক পৰম্পৰা আছে৷ এনে অৱস্থাত ছয় বজালৈ সান্ধ্য আইন থাকিলে মাছ ব্যৱসায়ী তথা গ্ৰাহকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন৷ এনে অৱস্থাত ৰাজ্যবাসীক মাছ ক্ৰয় কৰাৰ সুবিধা কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ছয় বজাৰ পৰিৱৰ্তে পুৱা চাৰি বজালৈ সান্ধ্য আইনৰ সময় হ্ৰাস কৰিছে৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দি কয় যে ৰাজ্যবাসীয়ে ১১ বজালৈ ভোজ-ভাত খাই ঘৰলৈ উভতিব লাগিব৷ আনহাতে, যিসকল কৰ্মচাৰীয়ে এতিয়ালৈকে দ্বিতীয় পালি ভেকচিন লোৱা নাই, তেওঁলোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হ’ব বুলি উল্লেখ কৰি ১৫ জানুৱাৰীলৈকে দ্বিতীয় পালি ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব৷ তেওঁলোকক বাধ্যতামূলক ছুটী দিয়া হ’ব যদিও ছুটীৰ বাবে দৰমহা দিয়া নহ’ব৷ ভেকচিন নোলোৱাৰ বাবে ছুটীত যাবলগীয়াসকলৰ দৰমহা কৰ্তন কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যত পূৰ্বৰ তুলনাত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত উৰুকাৰ পিছতে নতুন এছ অ’ পি অহাটো নিশ্চিত হৈ পৰিছে৷ অৱশ্যে এতিয়াও ৰাজ্যত ক’ভিত পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ যদি ৰোগীৰ বিপৰীতে বিছনাৰ নাটনি হয়, তেন্তে চৰকাৰে আৰু কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here