Home Main Stories উত্তৰ প্ৰদেশত শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি: প্ৰেমিকাক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰিলে...

উত্তৰ প্ৰদেশত শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি: প্ৰেমিকাক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰিলে প্ৰেমিকে

115
0


বিশেষ প্ৰতিনিধি, ২১ নৱেম্বৰ: সমগ্ৰ দেশকে জোকাৰি যোৱা দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত৷ ৰাজ্যখনত এজন যুৱকে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰা কৰি কাটি পেলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দিল্লীত শ্ৰদ্ধা-হত্যাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই উত্তৰ প্ৰদেশত একেধৰণৰ ভয়ংকৰ ঘটনা এটা ঘটিছে৷ আৰক্ষীয়ে আজমগড়ৰ এজন যুৱকক তেওঁৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা যুৱকজনক ৰাজকুমাৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে৷ আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ ৩৫ টুকুৰা কাটিছিল আৰু ৰাজকুমাৰে তেওঁৰ প্ৰাক্তন প্ৰেমিকাৰ শৰীৰটো ৬ টুকুৰাকৈ কাটি পেলাইছে৷ ১৫ নৱেম্বৰত আজমগড়ৰ পশ্চিমী গাঁৱৰ এটা কুঁৱাত এগৰাকী যুৱতীৰ এটা বিকৃত মৃতদেহ ওপঙি থকা অৱস্থাত পোৱা গৈছিল৷ তাৰ পিছতে আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত৷ অৰ্ধ-উলংগ অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহৰ ছয় টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী৷ কটা মূৰটো কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ ইফালে, মূৰটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত অভিযুক্ত ৰাজকুমাৰৰ সৈতে আৰক্ষীৰ এনাউণ্টাৰ হৈছিল৷ আৰক্ষীৰ মতে ৰাজকুমাৰৰ ওচৰত এটা দেশীয় বন্দুক আছিল৷ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰিছিল৷ আৰক্ষীয়েও গুলীচালনা কৰাত হত্যাকাৰী ৰাজকুমাৰ গুৰুতৰভাৱে আহত হৈছিল৷ আজমগড়ৰ আৰক্ষী অধীক্ষক অনুৰাগ আৰ্যই কয় যে মৃত যুৱতীগৰাকীক আৰাধনা বুলি চিনাক্ত কৰা হৈছে৷ তেওঁ ইছাকপুৰ গাঁৱৰ বাসিন্দা আছিল৷ জেৰাৰ সময়ত ৰাজকুমাৰে কয় যে তেওঁ আৰাধনাক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰি আন কাৰোবাৰ সৈতে বিয়া হ’বলৈ কৈছিল৷ কিন্তু আৰাধনাই তেনে কৰিবলৈ অসন্মত হোৱাত তেওঁক হত্যা কৰে৷ ৰাজকুমাৰে তেওঁৰ সম্পৰ্কীয় ভাই সৰ্বেশৰ সৈতে মিলি আৰাধনাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল৷ দুয়োজনে পিছত আৰাধনাৰ শৰীৰটো ছয় টুকুৰাকৈ কাটি পেলাইছিল৷ মৃতদেহটো এটা ক’লা পলিথিনৰ মোনাত ভৰাই গাঁওখনৰ এটা কুঁৱাত পেলাই দিয়া হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here