Home অসম কামৰূপ জিলাৰ হালোগাৱত আজিৰে পৰা আৰম্ভ হল শিশুৰ নিমোনিয়া প্ৰতিষেধক(পি চি ভি)টিকাকৰণ

কামৰূপ জিলাৰ হালোগাৱত আজিৰে পৰা আৰম্ভ হল শিশুৰ নিমোনিয়া প্ৰতিষেধক(পি চি ভি)টিকাকৰণ

234
0

গণ বাৰ্তা হাজো, ৩০ জুনঃ সমগ্ৰ ৰাজ্যতে আজিৰে পৰা আৰম্ভ হৈছে শিশুৰ নিমোনিয়া প্ৰতিষেধক টিকাকৰণ। ইয়াৰ সমান্তৰাল ভাবে কামৰূপতো শিশুৰ নিমোনিয়াৰ প্ৰতিষেধক(পি চি ভি)প্ৰদানৰ শুভাৰম্ভ কৰা হয়।এই উদ্দেশ্যে আজি দিনৰ বাৰ বজাত শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হালোগাও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়।৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যাত হালোগাও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃযুগল চন্দ্ৰ দাসে কয় বৰ্তমান সময়ত বহু শিশু নিমোনিয়াত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি নিমোনিয়াত যাতে শিশু আক্ৰান্ত নহয় তাৰ বাবে প্ৰতিষেধক ছিটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি আজিৰ পৰা কামৰূপ জিলাতো ইয়াৰ শুভাৰম্ভ হোৱা বুলি কয় । অনুষ্ঠানত উপস্থিত থাকি ডি আই অ ডাঃ পূৰবী শইকীয়াই কয়,এই পি চি ভি প্ৰতিষেধক ভাৰত বৰ্ষৰ পাচ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ,বিহাৰ ,মধ্যপ্ৰদেশ,হিমাচল প্ৰদেশ আৰু গুজৰাটত চলি আছিল যদিও অসমত হোৱা নাছিল।যিহেতু জন্মৰ পৰা পাচ বছৰৰ ভিতৰৰ ভালেসংখ্যক শিশু নিমোনিয়াত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু বৰণ কৰিছে তাৰ পৰা পৰিত্ৰাণ পাৱলৈ চৰকাৰে টিকাকৰণৰ ব্যৱস্থা কৰিছে।তাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে পি চি ভি প্ৰতিষেধক ছিটা প্ৰদানৰ শুভাৰম্ভ হোৱা বুলিও উল্লেখ কৰে স্বাস্থ্য বিষয়া গৰাকীয়ে। অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত আৰু কামৰূপৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াই আয়োজন কৰা কামৰূপৰ হালোগাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজিৰ পৰা জিলা খনত পি চি ভি ছিটা প্ৰদানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণগোবিন্দ শৰ্মা,ডাঃগুঞ্জলি ৰঞ্জন শৰ্মা,এছ ডি এম অ(শুৱালকুছি) ডাঃদীপক চন্দ্ৰ দাস,হালোগাও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃযুগল চন্দ্ৰ দাস,বকোৰ এছ ডি এম ডাঃমহিতোষ বেনাৰ্জী,ডাঃহলিৰাম দাস,ডাঃ উৎপল শৰ্মা প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।আজি অঞ্চলটোৰ চচাৰি গৰাকী শিশুক এই ছিটা প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here