Home স্থানীয় ডিফুত স্বাস্থ্য আৰু ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিক লৈ কেএছকে ধৰি বিভিন্ন...

ডিফুত স্বাস্থ্য আৰু ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিক লৈ কেএছকে ধৰি বিভিন্ন সংগঠনৰ ধৰ্ণা অব্যাহত

432
0

গণ বাৰ্তা, ডিফু, ২২এপ্ৰিল : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ স্বাস্থ্য বিভাগৰ অবৈধ নিযুক্তিৰ অভিযোগ তুলি ডিফুৰ দুই আৰটি আই কৰ্মী যোৱা তিনিদিন ধৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ গেইটৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি আছে ৷ আৰটি আই কৰ্মীদ্বই পদ্ম টেৰণ আৰু হেমফু ইংতিৰ উক্ত ধৰ্ণাৰ বিষয়বস্তু স্বচ্ছ আৰু ন্যায্য বুলি সমৰ্থন দি আজিৰে পৰা আৰটিআই কৰ্মীদ্বয়ৰ সৈতে অনিৰ্দিষ্টকালীন ধৰ্ণাত যোগদান কৰে কেএছএ, ইউকেৱাইএ আৰু কাইপ’ নামৰ সংগঠন সমূহে ৷ সংগঠন কেইটাৰ সদস্য সকলে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মূল গেইটৰ সন্মূখত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন ’গান সম্বলিত ে›’কাৰ্ড প্ৰদৰ্শন কৰি ‘‘ পৰিষদৰ নেপটিজিয়াম ইণ্ডাষ্টী বন্ধ কৰক, মেডিকেল ইএম খনচিং ৰংপি মুৰ্দাবাদ, ইএম মাধুৰ্য ঢেকিয়াল ফুকন গ’বেক, ভূমি সংৰক্ষণ বিভাগ গ’ বেক, স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰ বিভাগ গ’ বেক ‘‘ আদি ধবনিৰে ডিফুৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ উল্লেখযোগ্য যে, স্বায়ত্বশাসিত পৰিষদৰ অধিনস্থ ভূমি সংৰক্ষণ বিভাগত ইতিমধ্যে দুটাকৈ অবৈধ নিযুক্তি হোৱাৰ আঅভিযোগ উত্থাপন কৰি তাৰ বিৰুদ্ধে দুয়োগৰাকী আৰটি আই কৰ্মীয়ে যোৱা জানুৱাৰী মাহত ডিফুত ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্কত অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্ণাত বহিছিল৷ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মাধূৰ্য ঢেকিয়াল ফুকনে এই সন্দৰ্ভত বিভাগীয় তদন্ত কৰি ব্যবস্থা গ্ৰহণ কৰা হব বুলি সংবাদমেল যোগে প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু পৰবৰ্তী সময়ত উক্ত তদন্তৰ কি অৱস্থাত আছে আৰটি কৰ্মীদ্বয়ে একোৱেই নাজানিলে বুলি অভিযোগ সংবাদ মাধ্যমক অৱগত কৰিছিল ৷ আনহাতে আৰটি আই কৰ্মীদ্বয়ৰ সৈতে প্ৰতিবাদত যোগদান কৰা কেএছএকে আদি কৰি বিভিন্ন সংগঠনৰ নেতা সকলে ভূমি সংৰক্ষণ বিভাগৰ উপৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰ্যালয়ৰ ৩০টা কৈ অবৈধ নিযুক্তিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি থকা বুলি জানিবলৈ দিছে৷ নিয়ম বহিৰ্ভূতভাবে নিযুক্তি পোৱা লোক সকলৰ নিযুক্তি বাতিল কৰিবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ আহ৩ান জনাইছে ছাত্ৰ নেতা সকলে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখা হব বুলি সকিয়াই দিছে প্ৰতিবাদকাৰী সকলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here