Home বৰপেটা ভেৰালদি গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰিলে গাড়ীভৰ্তি চোৰাং চাউল

ভেৰালদি গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰিলে গাড়ীভৰ্তি চোৰাং চাউল

119
0

গণ বাৰ্তা, জনীয়া, ৩ নৱেম্বৰ ঃ খাদ্য আৰু অসামৰিক যোগান বিভাগত বিভিন্ন সময়ত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বাতৰি আজি আৰু নতুন হৈ থকা নাই। পলমকৈ হ’লেও যোগান বিভাগৰ এনে এটি ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে । জানিব পৰা মতে  যোৱা ১ নৱেম্বৰৰ  নিশা পহৰা দি থকা সময়ত ভেৰালদি গাঁওৰক্ষী বাহিনীয়ে ভেৰালদি তিনিআলি বজাৰত থকা মান্নান ওৰফে মুন্নাফ আলীৰ সুলভ মূল্যৰ দোকানৰ পৰা চাউলভৰ্তি  এএছ ০১ এইচচি ৩৩৬৪ নম্বৰৰ বলেৰো পিক আপ গাড়ী জব্দ কৰি বৰপেটা সদৰ থানাৰ আৰক্ষীক চমজাই দিয়ে। অভিযোগ অনুসৰি, সুলভ মূল্যৰ দোকানীয়ে প্ৰতিগৰাকী হিতাধিকাৰীক যিমান পৰিমাণৰ চাউল দিব লাগে তাতকৈ কমকৈ দিয়ে। আনহাতে, যিকেইবাৰ দিব লাগে সেইমতে গ্ৰাহকক চাউল যোগান নধৰে। আনকি ৰাহি চাউলখিনি সময়ে সময়ে দোকানীজনে চোৰাং বজাৰত বিক্ৰী কৰি আহিছে। এনে তথ্যৰ উমানতে ভেৰালদি আৰু উত্তৰ ভেৰালদি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ক্ৰমে— মুনতাজ আলী আহমেদ আৰু আব্দুল লতিফৰ নেতৃত্বত  সদস্যসকলে  নিশা ৩ বজালৈ পহৰা দি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায়। পাছত বৰপেটা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে  জব্দ হোৱা সামগ্ৰীখিনি ভিডিপিৰ পৰা চমজি লয়। কিন্তু আজিকোপতি অভিযুক্ত মান্নান আলীক কৰায়ত্ত কৰিব নোৱাৰাটো আন এক ৰহস্য হৈ পৰিছে। সেয়ে ৰাইজে তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষীক দাবী জনাইছে।  উল্লেখ্য যে যোৱা ২২ অক্টোবৰতো ভেৰালদি গাঁওৰক্ষী বাহিনীয়ে দুটা ছাগলী চোৰ আৰু মালিকসহ গাড়ী এখন আটক কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here