Friday , September 25 2020
শেহতীয়া খবৰ

Video এজাক বৰষুণে উদঙালে যোৰহাট নগৰৰ উন্নয়নৰ নমুনা, জিলা উপায়ুক্ত কার্যলয়ৰ চৌহদত একাঠু পানী

Flash flood woes in Jorhat town after just 45 minutes of downpour

৪৫ মিনিটৰ এজাক বৰষুণ, আৰু কৃত্ৰিম বানৰ কৱলত যোৰহাট জিলা উপায়ুক্ত কার্যলয়ৰ চৌহদ । চাওঁক এই প্ৰতিবেদন ।Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Wednesday, 2 September 2020

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ২ ছেপ্টেম্বৰ :   যোৰহাট নগৰত সৃষ্টি হল পুনৰ কৃত্ৰিম বান । ৪৫ মিনিটৰ এজাক বৰষুণে উদঙালে যোৰহাট নগৰৰ উন্নয়নৰ নমুনা । বুধবাৰে পুৱা অহা এজাক সাধাৰণ বৰষুণৰ ফলত যোৰহাট নগৰৰ মিঠাপুখুৰী পথ, ক্লাৱ ৰোড, নগৰৰ বৰুৱা চাৰি আলি , বৰিগাঁও , কৃষ্ণকান্ত পথ,সোনাৰী গাঁও ,গড়মূৰ আদি অঞ্চল ,ঠায়ে ঠায়ে গড় আলিৰ লগতে জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ চৌহদতো সৃষ্টি হয় কৃত্ৰিম বান । বুধবাৰে পুৱা অহা মাত্ৰ ৪৫ মিনিটৰ এজাক বৰষুণে উটুৱাই নিলে যোৰহাট নগৰৰ গৌৰৱ । কি কংগ্ৰেছ ,কি বিজেপি কোনো এখন চৰকাৰেও যোৰহাটৰ এই কৃত্ৰিম বানৰ সমস্যাতো আজি তাৰিখৰলৈকে সমাধান কৰিব নোৱাৰাত যোৰহাট নগৰৰ সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ৪৫ মিনিটৰ এজাক সাধাৰণ বৰষুণৰ ফলত যোৰহাট নগৰ কৃত্ৰিম বানৰ কৱলত পৰিব লগীয়া হয় । তেন্তে দুই- তিনি ঘণ্টা বৰষুণ হলে যোৰহাট নগৰৰ অৱস্থা কি হব পাৰে সেই কথা সহজে অনুমেয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *