Monday , September 21 2020
শেহতীয়া খবৰ

Video | কাজিৰঙাত তৃতীয়টো বানত বন্যপ্ৰাণীৰ নাজল-নাথল অৱস্থা : একাংশ পথচাৰীয়ে উত্তেজিত কৰিছে বন্যপ্ৰাণীক

গণ বাৰ্তা, বোকাখাত, ২৪ জুলাই  :  ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তৃতীয়টো বানৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই জানিব দিয়া মতে  জুন মাহত বছৰৰ প্ৰথমটো বানপানীৰ পিছত চলিত মাহত ৰাষ্ট্ৰীয় উদ্যানখনত দ্বিতীয়টো বানৰ সৃষ্টি হৈছিল । ৰাষ্ট্ৰীয় উদ্যানখনত পানী শুকাবলৈ ধৰিছিল যদিও পুনৰ তৃতীয়টো বানৰ কবলত পৰিছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে   ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৯০ শতাংশ এলেকা পুনৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে  বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে জানিব দিয়ে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ২৪ ঘণ্টাত নতুনকৈ প্লাবিত কৰিলে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ ২৬ টা বন শিবিৰ। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত থকা মুঠ ২২৩ টা বন শিবিৰৰ   ভিতৰত  অগৰাতলি,  কহঁৰা, বাগৰি আদি বনাঞ্চলৰ মুঠ  ১৫২ টা বন শিবিৰৰ তলেৰে পানী বাগৰিছে  ৷ ইয়াৰে অগৰাতলি বনাঞ্চলৰ অধীনত ৩১ টা , কহঁৰা বনাঞ্চলত ৪১ টা , বাগৰি বনাঞ্চলত ৩২ টা ,  বুঢ়াপাহাৰ বনাঞ্চলত  ১১ টা , বোকাখাত বনাঞ্চলত ৪ ,   বিশ্বনাথ বন সংমন্ডল এলেকাত  ১৫ টা  আৰু নগাঁও বন সংমন্ডলৰ অধীনত  ১৮ টা বন শিবিৰ প্লাৱিত হৈ আছে । অন্যহাতে বিভাগীয় তথ্যৰ পৰা জানিব পৰা  মতে গঁড়, হাতী, পহুৰ জাক আদি প্ৰাণীবোৰে বানপানীৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি কিছু বন্যপ্ৰাণীয়ে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লোৱাৰ বিপৰীতে কিছু বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় পথৰ  কাষত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । ইফালে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই যান – বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ টাইম কাৰ্ড দিয়া অব্যাহত ৰাখিছে । অতি পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লৈ থকা বন্যপ্ৰাণীক ৰাষ্ট্ৰীয় পথেৰে অহা – যোৱা কৰা একাংশ লোকে চিঞৰ – বাখৰ কৰাৰ লগতে তথাকথিত প্ৰকৃতিপ্ৰেমীৰ পৰিচয় দিয়া লোকে ফটো তুলিব গৈ বন্যপ্ৰাণীক বিচৰণত বাধাৰ সৃষ্টি কৰাৰ লগতে উত্তেজিত কৰা পৰিলক্ষিত হৈছে । এনে ধৰণৰ লোকক বন্যপ্ৰাণী প্ৰতিৰোধ আইনৰ অধীনত বিহিত ব্যৱস্থা লবলৈ সচেতন মহলে উদ্যান কৰ্ত্তৃপক্ষক আহ্বান জনাইছে । অন্যহাতে বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে এইবাৰ বানপানীত ১২ টা গঁড়কে ধৰি এতিয়ালৈকে মুঠ ১২৩ টা বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিছে । উল্লেখ এইবাৰৰ বানপানীত সৰ্বাধিক  ৯৩ টা ছাগলী পহুৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও ম’হ ৪ টা, গাহৰি ৭ টা, দুষ্প্ৰাপ্য  দল হৰিণা ২ টাৰ লগতে অন্যান্য কেইবাটাও বন্যপ্ৰাণীৰ মৃত্যু হৈছে  ৷ আনহাতে পানী শুকাবলৈ আৰম্ভ কৰাত বহু বন্যপ্ৰাণী কাৰ্বি পাহাৰৰ পৰা নামি আহিছিল যদিও পুনৰ বানৰ উমান পাই ৰাষ্ট্ৰীয় পথৰ কাষত বা চাহ বাগিচাত আশ্ৰয় লবলৈ বাধ্য হৈছে ।

সুস্থ হৈছে দুৰ্বল গঁড়  :

Baby Rhino separated from its mother in recent floods, recovering at Kaziranga Wildlife Rehab Centre

Learning to grow up without Mother : A baby #Rhino separated from its mother in the recent floods, is finally accepting bottled milk from caretakers at the Kaziranga Centre for Wildlife Rehabilitation & ConservationGanaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Wednesday, 22 July 2020

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ ফলত খাদ্যৰ সমস্যাই দেখা দিছে বন্যপ্ৰাণীৰ । খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি আহি এটা প্ৰাপ্তবয়স্ক গঁড়ে বাগৰি বনাঞ্চলৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৰ্থাৎ দেওপানীত আজি কেইদিনমানৰ  আশ্ৰয় লৈ আছিল । গঁড়টো দুৰ্বল হৈ পৰাত বন বিভাগৰ লোকে খাদ্যৰ যোগান ধৰি আছিল । ইফালে কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক চামচুল আলীৰ উপৰি গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ ডা. কোশল শৰ্মাই চিকিৎসা প্ৰদান কৰাত কিছু সুস্থ হৈ উঠিছে । পশু চিকিৎসক চামচুল আলীয়ে জানিব দিয়া মতে গঁড়টো বৰ্তমান সুস্থ হৈ উদ্যানৰ ভিতৰত বিচৰণ কৰি আছে ।

Wild Tiger released back into the wild in Kaziranga National Park.

A wild Tiger makes a dash for its natural wild habitat in Kaziranga | Wild tiger that strayed out of #Kaziranga National Park to nearby residential area on July 14, was captured and released back into the wild Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Friday, 17 July 2020

 

Assam Cabinet Minister Dr Himanta Biswa Sarma reviews Flood situation at Kaziranga National Park

ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কি কলে । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Monday, 20 July 2020

Leave a Reply

Your email address will not be published. Required fields are marked *