Wednesday , September 23 2020
শেহতীয়া খবৰ

VIDEO | বাঘজানত জ্বলি উঠিল জুই , আহত অগ্নি নিবাৰ্পণত ব্যস্ত তিনি বিদেশী বিশেষজ্ঞ

গণ বাৰ্তা : ডুমডুমা: ২২ জুলাইঃ তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইলৰ বি জি আৰ ৫ নং তৈলক্ষেত্ৰত জুই নুমোৱাবলৈ চেষ্টা চলোৱাৰ সময়তে আজি পুনৰ এক বিস্ফোৰণ সংঘটিত হয়। অগ্নি আৰু গেছ নিৰ্গত হৈ থকা খাদৰ জুই নিজৰ নিয়ন্ত্রণত আনিবলৈ এক যন্ত্ৰ স্থাপনৰ কাম চলি আছিল। তেনেতে প্ৰচণ্ড শব্দ হৈ জুই জ্বলি উঠে। অগ্নিকাণ্ডত নিবাৰ্পণৰ কামত ব্যস্ত তিনিজন বিদেশী বিশেষজ্ঞ অগ্নিদগ্ধ হয়।জানিব পৰা মতে আজি দিনৰ প্ৰায় ১-২০ বজাত বিদেশী বিশেষজ্ঞ কেইগৰাকীয়ে বি অ’ পিৰ এখন ফ্লেঞ্জ খুল অতৰোৱাৰ কাম কৰি প্ৰায় শেষ পৰ্যায়ত উপনিত হোৱাৰ সময়তে হঠাতে এলোকাটো জুয়ে আবৰি ধৰে যদিও তেওঁলোক সেই স্থানৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ আহত তিনিও বিদেশী বিশেষজ্ঞৰ অইলৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়। এম এচ এৰ্লাট কোম্পানীৰ বিশেষজ্ঞ ক্ৰমে এন্থনী ষ্টিভেন ৰেনলডচ, ড‌উগ ডাল্লাছ আৰু ক্ৰেইড নেইল ডানকানে অগ্নিনিৰ্বাপণৰ বাবে নিৰীক্ষণ কৰি থকা অৱস্থাতে জুই অত্যাধিক মাত্ৰাত জ্বলি উঠে।ফলত বিদেশী বিশেষজ্ঞ কেইজন গুৰুতৰ আহত হয়। ইয়াৰে এজন বিশেষজ্ঞৰ হাতত,এজনৰ মুখমণ্ডলত আৰু আনজনৰ চুলি অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে।আনহাতে, ঘটনাত আহত তিনিওজন বিশেষজ্ঞক ডিব্ৰুগড়স্থিত এখন নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে অইল তথা বিদেশী কোম্পানীৰ বিশেষজ্ঞই এনে এটা পৰিস্থিতিৰ কথা আগতেই ধাৰণা কৰি বায়ু সেনা বাহিনীৰ হেলিকপ্তাৰৰ ব্যৱস্থা কৰিছিল আৰু বায়ু সেনাই এটা মক ড্ৰিলো সম্পন্ন কৰিছিল ৷ কিন্তু আজিৰ এই ঘটনাৰ সময়ত হেলিকপ্তাৰ উপলব্ধ নোহোৱাত দুখন এম্বুলেন্সেৰে আহত কেইজনক ডিব্ৰুগড়লৈ লৈ যাব লগীয়া হল ৷ সম্প্ৰতি চিকিৎসাধীন আটাইকেইজন বিশেষজ্ঞ বিপদমুক্ত বুলি জানিব পৰা গৈছে।

#Video | Amidst raging fire, water being sprayed continuosly at Well No.5 of Oil India at Baghjan in Tinsukia, Assam to…

Posted by Gana Adhikar on Wednesday, 22 July 2020

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *