Wednesday , September 23 2020
শেহতীয়া খবৰ

Video | বাঘজানৰ তৈল খাদত ঘন্টাত ৪.৭৫০ গতিবেগত গেছ- কণ্ডেনছেট নিৰ্গত 

গেছ কূপত বি অ’ পি স্থাপনৰ প্ৰস্তুতি সম্পন্ন

“স্মক ষ্টেট” চিমনি স্থাপন কৰাৰ বাবে লৈছে ব্যৱস্থা

বাঘজানৰ পৰা মাইনু মৰাণ, ২৫ জুলাইঃ  তিনিচুকীয়া জিলাৰ বাঘজান গাৱঁস্থিত বি জি আৰ-৫ নং তৈল খাদত সংঘটিত অগ্নিকাণ্ডই ৬০ দিন অতিক্ৰম কৰিলে ৷ বাঘজানৰ তৈল খাদত ঘন্টাত ৪.৭৫০ গতিবেগত গেছ- কণ্ডেনছেট নিৰ্গত হৈয়েই আছে।
বিপদসংকুল পৰিস্থিতিত ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ আৰু বড়োদা অইল এণ্ড গেছ কোম্পানীৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে জুই নুমোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷তৈল খাদটোৰ গেছ, তেল আৰু জুই নিৰ্বাপনৰ কাৰিকৰী কাম যুদ্ধকালীন গতিৰে বিশেষজ্ঞ দলটোৱে আগবঢ়াই নিছে ৷ বিশেষজ্ঞ দলটোৱে  তৈল খাদটোত প্ৰায় ২৩ টন ওজনৰ নতুন বি অ’ পি (ব্ল-আউট প্ৰিভেন্টাৰ) এটা সংস্থাপিত কৰিবলৈ  কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷বি অ পি স্থাপন কৰাৰ পূৰ্বে “স্মক ষ্টেক” চিমনি স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে। এই স্মক ষ্টেক চিমনিৰ  দৈঘ্য ৯০ ফুট হব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে চিংগাপুৰৰ বিশেষজ্ঞ দলটোৱে খাদটোত বি অ’ পি সংস্থাপিত কাৰিকৰী কাম চলাই থকা সময়তে যোৱা ২১ জুলাইত তৃতীয়টো অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ছিংগাপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰৰ গেছ কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞ এন্টনী ষ্টিডেন ৰেইনল্ড, ডগ ডালাছ আৰু ক্ৰেইগ নেইল ডানকান গুৰুতৰভাৱে আহত হৈছিল যদিও চিংগাপুৰৰ বিশেষজ্ঞ এজনক বাদ দি কালি পুৱাৰে পৰা পুণৰ খাদটোত জুই নিৰ্বাপনৰ কামত নামি পৰে বিশেষজ্ঞ দলটো ৷ নিতৌ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে কাম কৰাৰ পিছত আজি পুণৰ তৈল খাদটোত বিশেষজ্ঞ দলটোৱে কাম আৰম্ভ কৰে ৷ বিশেষজ্ঞ দলটোৱে  যিকোনো মুহুূৰ্তত দাওদাওকৈ জ্বলি থকা তৈল খাদটোত নতুন বি অ’ পিটো সংস্থাপিত কৰা সম্ভাৱনা আছে ৷ ইতিমধ্যে নতুন বি অ’ পি’টো স্থাপন কৰিব পৰা কাৰিকৰী কামসমূহ সম্পন্ন কৰি তুলিছে ৷ বি অ’ পি’টো সংস্থাপিত সময়ত সম্ভাব্য দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য কৰি তৈল খাদটোৰ নাতি দূৰৈত চিকিৎসক আৰু এম্বুলেন্স সাজু কৰি তুলিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই ৷ অইল কৰ্তৃপক্ষই তৈল খাদটোৰ বিস্তৰ এলেকাত সেনা-আৰক্ষীৰ বৃহৎ বাহিনী মোতায়েন কৰি ৰাখিছে ৷ দাওদাওকৈ জ্বলি থকা তৈল খাদটোৰ কাষলৈ সাধাৰণ লোকক প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে।

 

#Video | Amidst raging fire, water being sprayed continuosly at Well No.5 of Oil India at Baghjan in Tinsukia, Assam to…

Posted by Gana Adhikar on Wednesday, 22 July 2020

Leave a Reply

Your email address will not be published. Required fields are marked *