Sunday , September 20 2020
শেহতীয়া খবৰ

Video | যোৰহাটৰ আই ডি বি আই বেংকত ছাত্ৰ ছাত্ৰীৰ অভাৱনীয় ভিৰ, নাই সামাজিক দূৰত্ব, বহুতে ব্যৱহাৰ কৰা নাই মাক্স

Long queues outside IDBI Bank in Jorhat town, violating Covid physical distancing rules

যোৰহাটৰ আই ডি বি আই বেংকত কিহৰ ভিৰ , চাওক এই প্ৰতিবেদন । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Tuesday, 11 August 2020

 

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১১ আগষ্ট  : যোৰহাট নগৰৰ মিঠাপুখুৰীস্থিত ৰোডত থকা আই ডি বি আইৰ  বেংকৰ সন্মুখত মঙ্গলবাৰে  পুৱাৰে পৰা ছাত্ৰ ছাত্ৰীৰ অভাৱনীয় হৈছিল । ছাত্ৰ বৃত্তিৰ ধন উলিয়াবলৈ আহি ছাত্ৰ ছাত্ৰী সকলে আজি বেংকটোৰ ভিতৰে বাহিৰে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য  যে  ৫/৬  বছৰৰ পূৰ্বে যিসকল ছাত্ৰ ছাত্ৰীয়ে  প্ৰাথমিক  আৰু  মাধ্যমিক  বৃত্তি লাভ কৰিছিল,  তেওঁলোকক সেই সময়ত  আই ডি বি আই  বেংকৰ চেক দিছিল। আৰু এতিয়া সেই চেকৰ ধন মেচিয়ৰ্ড হোৱাত   বিভিন্ন স্থানৰ পৰা ধন উলিয়াবলৈ আহি ছাত্ৰ ছাত্ৰীসকলে   ভিৰ কৰিছিল  । উল্লেখ্য যে  কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সামাজিক দূৰত্ব মানি চলা আৰু মাক্স পিন্ধা জৰুৰী যদিও সেই সকলো নিয়ম উলংঘা কৰা  গল । ছাত্ৰ -ছাত্ৰী সকলৰ লগত অভিভাৱকসকল আহিছিল যদিও বহু লোকে এই নিয়ম ভংগ কৰা দেখা গৈছিল । উল্লেখ্য যে যোৰহাট জিলাত দৈনিক প্ৰায় শতাধিক লোক কোৰোনাত আক্ৰান্ত হৈ আছে । তেনে ক্ষেত্ৰত ছাত্ৰ -ছাত্ৰী সকলক  এই দৰে গাত গা লাগি বেংকৰ বাহিৰত লাইন পাতিবলৈ দিয়াত যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *